

- বিজেপি বিধানসভা পাৰ্টিৰ বৈঠকত চৰকাৰ-সংগঠনৰ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ, ১০০ দিনীয়া কামৰ পৰ্যালোচনা
পাটনা, ২৫ জুলাই (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ বিধানসভা দলৰ বৈঠক শনিবাৰে ৰাজ্যিক কাৰ্যালয়ৰ অটল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, ৰাজ্যিক সভাপতি সঞ্জয় সাৰৌগীকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে। সভাত চৰকাৰ আৰু সংগঠনৰ মাজত উন্নত সমন্বয় স্থাপন কৰি জনকল্যাণ আৰু উন্নয়নমূলক কাম-কাজ আৰু অধিক ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়।
বৈঠকৰ আৰম্ভণিতে ৰাজ্যিক সভাপতি সঞ্জয় সাৰৌগীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক ফুলৰ থোপা আৰু চাদৰেৰে আদৰণি জনায়। মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীকো তেওঁৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়।
সভাত মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত চৰকাৰে বিগত ১০০ দিনত জনকল্যাণ, সুশাসন, উন্নয়নৰ ক্ষেত্ৰত কৰা কামৰ বিশদ পৰ্যালোচনা কৰে। নেতাসকলে কয় যে ৰাজ্য চৰকাৰে স্বচ্ছ, জবাবদিহি, আৰু স্পৰ্শকাতৰ প্ৰশাসনৰ জৰিয়তে জনসাধাৰণৰ আস্থা শক্তিশালী কৰিছে আৰু উন্নয়ন আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণক শীৰ্ষ অগ্ৰাধিকাৰ দিছে।
বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনাত এখন উন্নত বিহাৰৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। নেতাসকলে কয় যে চৰকাৰ আৰু সংগঠনৰ মাজত নিৰন্তৰ আলোচনা, উন্নত সমন্বয়, আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত কৰা হ’ব।
ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীয়ে জনপ্ৰতিনিধিসকলক সংগঠনৰ নীতি অনুসৰি কাম কৰিবলৈ আৰু জনসাধাৰণৰ আশা পূৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে বিজেপি সেৱা, সুশাসন, আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সমৰ্পিততাৰ বাবে পৰিচিত, আৰু চৰকাৰ আৰু সংগঠনৰ মাজত উন্নত সমন্বয়ৰ জৰিয়তেহে উন্নয়নৰ লক্ষ্য ফলপ্ৰসূভাৱে লাভ কৰিব পৰা যাব।
তেওঁ কাৰ্যকত্ৰা আৰু জনপ্ৰতিনিধিসকলক জনসাধাৰণৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিবলৈ আহ্বান জনায় আৰু চৰকাৰৰ কল্যাণমূলক আঁচনিৰ সুবিধা যাতে শেষ ব্যক্তিৰ ওচৰলৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও আগন্তুক ৰাজনৈতিক আৰু সাংগঠনিক কাৰ্যসূচী আৰু জনসংযোগ অভিযানক অধিক ফলপ্ৰসূ কৰি তুলিবলৈ আলোচনা কৰা হয়। সকলো জনপ্ৰতিনিধিকে জনসাধাৰণৰ সৈতে অহৰহ যোগাযোগ বজাই ৰাখিবলৈ আৰু চৰকাৰৰ সাফল্যসমূহ সকলোকে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।
এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়, ৰাজ্যিক সংগঠনৰ সাধাৰণ সম্পাদক ভিখু ভাই ডালছানিয়াৰ লগতে বিজেপিৰ সকলো বিধায়ক আৰু এম এল চি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া