উত্তৰাখণ্ডত বৰষুণৰ বিধ্বংসী ৰূপ ধাৰণ, ২৪ ঘণ্টাত তিনিজনৰ মৃত্যু; বন্ধ হৈ আছে যমুনোত্ৰী ঘাইপথ
ডেৰাডুন, ২০ জুলাই (হি.স.)। উত্তৰাখণ্ডত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে বিগত ২৪ ঘণ্টাত প্ৰাকৃতিক দুৰ্যোগ আৰু পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। ধ্বংসাৱশেষ, শিলৰ বাগৰি পৰা, পানী জমা হোৱা আদিয়ে ৰাজ্যখনৰ বিভিন্ন
एसडीआरएफ देहरादून के कैंट क्षेत्र के संतला देवी मंदिर में टापू पर फंसे लोगों को रेस्क्यू करती हुई।


ডেৰাডুন, ২০ জুলাই (হি.স.)। উত্তৰাখণ্ডত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে বিগত ২৪ ঘণ্টাত প্ৰাকৃতিক দুৰ্যোগ আৰু পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। ধ্বংসাৱশেষ, শিলৰ বাগৰি পৰা, পানী জমা হোৱা আদিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত স্বাভাৱিক জীৱনত ব্যাঘাত জন্মাইছে। পালিগাডৰ সমীপত থকা ধ্বংসাৱশেষৰ বাবে বন্ধ হৈ আছে যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ-১৩৪) ।

সোমবাৰে ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই প্ৰকাশ কৰা ২৪ ঘণ্টীয়া পৰিস্থিতিৰ প্ৰতিবেদন অনুসৰি পিথোৰাগড় জিলাৰ ধৰচুলা তহচিলৰ পশিলা গাঁৱৰ বনাঞ্চলত ছাগলী চৰাবলৈ গৈ থকা ৫২ বছৰীয়া দিৱান সিঙক বজ্ৰপাতৰ ফলত আঘাত প্ৰাপ্ত হয় ।

নৈনীতাল জিলাৰ হালদ্বাণী পৰিবহণ নগৰ অঞ্চলত এখন অচিনাক্ত বাহনে খুন্দা মৰাৰ ফলত এজন পথচাৰী নিহত হয়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি গাড়ী আৰু চালকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

তেহৰী জিলাৰ প্ৰতাপনগৰ-লাম্বাগাঁও মটৰ পথত ২০০ মিটাৰ দ খাৱৈত এখন গাড়ী বাগৰি পৰে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় খোলগড় নিবাসী ৩৮ বছৰীয়া হোছিয়াৰ সিং পানৱাৰ নামৰ চালকজন। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ৰুদ্ৰপ্ৰয়াগ জিলাৰ শংকৰড়ী-খকৰা-পিপালী পথত নিয়ন্ত্ৰণ হেৰুৱাই এখন পিকআপ ট্ৰাক এটা খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাত দুগৰাকী মহিলাসহ তিনিজন লোক আহত হোৱাৰ বিপৰীতে গাড়ীখনত থকা এটা ম’হৰ মৃত্যু হয়। আহতসকলক বেছ হাস্পতাল শ্ৰীনগৰত ভৰ্তি কৰোৱা হৈছে। পৌৰী জিলাৰ ঋষিকেশ-কীৰ্তীনগৰ মটৰ পথত চলন্ত গাড়ীৰ ওপৰত গছ পৰি আহত এজন লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়।

সোমবাৰে পুৱা বৰষুণৰ পিছত চামোলী জিলাৰ নাৰায়ণবাগড় বজাৰত ছয়ৰ পৰা সাতখন দোকানত পানী আৰু ধ্বংসাৱশেষ প্ৰৱেশ কৰে। কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। ৰাজহ বিভাগে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি আছে, আনহাতে বি আৰ অ’ই ধ্বংসাৱশেষ আঁতৰোৱাৰ কামত নিয়োজিত হৈ আছে। জিলাখনৰ কাণ্ডেই অঞ্চলত গৰুৰ গোহালিত পৰি থকা শিলৰ তলত কিছুমান জীৱ-জন্তু পুতি থোৱাৰ খবৰ আহিছে। ঘটনাস্থলীত উপস্থিত হৈছে ৰাজহ আৰু এন ডি আৰ এফৰ দল। পিঠোৰগড় জিলাৰ গংগোলিহাট তহচিলৰ লালী ৱাৰ্ডত এটা আৱাসগৃহৰ পিছফালৰ বেৰৰ পৰা শিল বাগৰি ঘৰৰ ভিতৰত নামি পৰে। অৱশ্যে কোনো লোক হতাহতি বা জীৱ-জন্তুৰ আঘাত পোৱা নাই।

দেওবাৰে সন্ধিয়া ডেৰাডুনৰ সন্তলা দেৱী মন্দিৰ এলেকাৰ নদীৰ এটা দ্বীপত আবদ্ধ হৈ পৰে ৭ জন লোক। তথ্য লাভ কৰাৰ লগে লগে এছডিআৰএফ, অগ্নিনিৰ্বাপক বাহিনী, ১০৮ এম্বুলেন্স সেৱা, আৰু তহচিল প্ৰশাসনে যৌথ অভিযান আৰম্ভ কৰি সকলো লোকক নিৰাপদে উদ্ধাৰ কৰে।

এস ই অ’ চিৰ মতে, ধাৰাবাহিক বৰষুণ হোৱাৰ পাছতো বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ), ঋষিকেশ-বদ্ৰীনাথ পথ, গংগোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ, কেদাৰনাথ পথ, ১০৭বি ৰাষ্ট্ৰীয় ঘাইপথ, কোটদ্ৰৱাৰ-পৌৰী ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি প্ৰায়বোৰ ডাঙৰ পথতে যাতায়ত স্বাভাৱিক হৈ আছে। কিন্তু পালিগাডৰ সমীপত ধ্বংসাৱশেষৰ বাবে যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ (এন এইচ-১৩৪) বন্ধ হৈ আছে, আৰু যুদ্ধৰ ভিত্তিত পথটো মুকলি কৰাৰ কাম চলি আছে।

প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জনসাধাৰণ আৰু যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে পথ আৰু বতৰৰ শেহতীয়া তথ্য বিচাৰিবলৈ, আৰু প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনাইছে।

-----

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande