যুৱক-যুৱতীসকলৰ বিৰুদ্ধে বলপূৰ্বক দমনমূলক ব্যৱস্থাৰ উদ্ধৃতি দি সোণম ৱাংচুকৰ অনশন অব্যাহত ৰখাৰ ঘোষণা
নতুন দিল্লী, ২০ জুলাই (হি.স.)। শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিষয়সমূহক লৈ প্ৰতিবাদ কৰি অহা পৰিৱেশবিদ সোণম ৱাংচুকে নিজৰ অনশন অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা যুৱক-যুৱতীসকলৰ বিৰুদ্ধে চলি থকা কথিত বৰ্বৰতাৰ বাবে তেওঁ অনশন শেষ
যুৱক-যুৱতীসকলৰ বিৰুদ্ধে বলপূৰ্বক দমনমূলক ব্যৱস্থাৰ উদ্ধৃতি দি সোণম ৱাংচুকৰ অনশন অব্যাহত ৰখাৰ ঘোষণা


নতুন দিল্লী, ২০ জুলাই (হি.স.)। শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিষয়সমূহক লৈ প্ৰতিবাদ কৰি অহা পৰিৱেশবিদ সোণম ৱাংচুকে নিজৰ অনশন অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা যুৱক-যুৱতীসকলৰ বিৰুদ্ধে চলি থকা কথিত বৰ্বৰতাৰ বাবে তেওঁ অনশন শেষ নকৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে । ছাত্ৰ-ছাত্ৰীসকলক সংসদৰ সন্মুখত অভিযোগ দাখিল কৰিবলৈ অনুমতি দিবলৈ চৰকাৰ আৰু আৰক্ষীক আবেদন জনায়।

সোমবাৰে ছফদৰজং হাস্পতালৰ পৰা প্ৰকাশ পোৱা এটা হাতে লিখা বাৰ্তাত সোণম ৱাংচুকে উল্লেখ কৰে যে যুৱ নেতাসকলে সংসদ ভৱনত সাংসদসকলক সাক্ষাৎ কৰিবলৈ বা ব্যক্তিগতভাৱে চিকিৎসালয়ত তেওঁক লগ কৰিবলৈ অনুমতি নোপোৱালৈকে তেওঁৰ অনশন অব্যাহত থাকিব। লগতে তেওঁ আশা প্ৰকাশ কৰে যে চৰকাৰে এনে হোৱাৰ পূৰ্বে শিক্ষামন্ত্ৰীক জবাবদিহি কৰিব।

ৱাংচুকে কয় যে প্ৰৰোচনাৰ পিছতো যুৱকসকলে প্ৰদৰ্শন কৰা সংযম আৰু শান্তি দেখি তেওঁ আবেগিক আৰু আপ্লুত হৈছে। তেওঁ আস্থা প্ৰকাশ কৰে যে যুৱ প্ৰতিবাদকাৰীসকলে ধৈৰ্য্য আৰু সহনশীলতা বজাই ৰাখিব।

উল্লেখযোগ্য যে শিক্ষা ব্যৱস্থাৰ উন্নতি আৰু অন্যান্য দাবীৰ দাবীত বিগত ২৩ দিন ধৰি ৱাংচুকে অনশন কৰি আহিছে।

ককৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰ সৌৰভ দাসে কয় যে, আমাৰ দাবীৰ সন্দৰ্ভত আমি এতিয়াও চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই। আমি এতিয়াও অপেক্ষা কৰি আছো। ইফালে, যন্তৰ মন্তৰ (কেৰালা হাউছৰ বাহিৰত)ত প্ৰতিবাদ অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande