
নতুন দিল্লী, ২০ জুলাই (হি)। অহা চাৰি-পাঁচ দিনলৈ দেশৰ উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম ক্কঅঞ্চলত বাৰিষা সক্রিয় হৈ থকাৰ সম্ভাৱনা আছে৷ অৱশ্যে পশ্চিম-মধ্য আৰু দক্ষিণ উপদ্বীপ ভাৰতৰ কিছু অঞ্চলত বৰষুণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি মঙলবাৰে পুৱাৰ পৰা বিয়লিৰ ভিতৰত দিল্লীত কিছু ঠাইত প্ৰচণ্ড বতাহ আৰু কোনো কোনো ঠাইত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই দিনটোত সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে ৩১-৩৩ ডিগ্ৰী চেলছিয়াছ আৰু ২৪-২৬ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে। ২২ জুলাইত পুৱাৰে পৰা বিয়লিলৈ বহু ঠাইত পাতল বৰষুণ আৰু কিছু ঠাইত মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিল্লীৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে ৩১-৩৩ ডিগ্ৰী চেলছিয়াছ আৰু ২২-২৪ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। ২৩ জুলাইত পুৱাৰে পৰা বিয়লিলৈকে বেছিভাগ ঠাইতে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।এই দিনটোত সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে ৩২-৩৪ ডিগ্ৰী চেলছিয়াছ আৰু ২১-২৩ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। আই এম ডিৰ তথ্য অনুসৰি আজি কিছু ঠাইত সামান্যৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ ফলত বতৰ সুখদায়ক হোৱাৰ লগতে আৰ্দ্ৰ গৰমৰ পৰা কিছু সকাহ পোৱা গৈছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ৪-৫ দিনৰ ভিতৰত উত্তৰ-পশ্চিম আৰু উত্তৰ-পূব ভাৰতত বাৰিষা সক্ৰিয় হৈ থকাৰ সম্ভাৱনা আছে। ২১ জুলাইত জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশত বিচ্ছিন্ন অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। আগন্তুক সাত দিনলৈ পশ্চিম-মধ্য আৰু দক্ষিণ উপদ্বীপ ভাৰতত বৰষুণৰ কাৰ্যকলাপ স্তব্ধ হৈ থকাৰ সম্ভাৱনা আছে। আগন্তুক ছয় দিনৰ ভিতৰত হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ২১-২৩ জুলাইৰ ভিতৰত পূব উত্তৰ প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, আৰু পঞ্জাৱত ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পশ্চিম মধ্য প্ৰদেশ, ছত্তীশগড়, আৰু মধ্য ভাৰতৰ পূব মধ্য প্ৰদেশত আগন্তুক ছয় দিনৰ ভিতৰত প্ৰবল বৰষুণ হ’ব। পূব ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, বিহাৰ, আৰু ওড়িশাত বিচ্ছিন্ন প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাত আগন্তুক পাঁচ দিনত বৰষুণৰ সম্ভাৱনা আছে। পশ্চিম ভাৰতৰ গুজৰাট আৰু মধ্য মহাৰাষ্ট্ৰৰ কিছু অঞ্চলত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ২১-২৬ জুলাইৰ ভিতৰত উপকূলীয় অন্ধ্ৰপ্ৰদেশ, য়ানাম, উত্তৰ অভ্যন্তৰীণ কৰ্ণাটক, ৰায়ালাসীমা, তামিলনাডু, পুডুচেৰী, আৰু কাৰাইকালত ২১-২৬ জুলাইৰ ভিতৰত বিক্ষিপ্ত বৰষুণ বা প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।
তদুপৰি এই সময়ছোৱাত এই অঞ্চলসমূহতো প্ৰচণ্ড বতাহৰ সম্ভাৱনা আছে, যাৰ ফলত জনজীৱন ব্যাহত হ’ব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া