ভাৰত-মলডোভা কৃষি, স্বাস্থ্য, এআইকে ধৰি কেইবাটাও ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ সন্মত
নতুন দিল্লী, ২০ জুলাই (হি.স.)। তিনিখন দেশৰ ৰাজ্যিক ভ্ৰমণৰ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে সোমবাৰে মলদোভাৰ ৰাজধানী চিচিনাউত ৰাষ্ট্ৰপতি মাইয়া চাণ্ডুৰ সৈতে দ্বিপাক্ষিক আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। কৃষি, স্বাস্থ্য, ঔষধ, নবীকৰণযোগ্য শক্তি, ডিজিট
चिशिनाउ के राष्ट्रपति भवन में राष्ट्रपति द्रौपदी मुर्मु के स्वागत में आयोजित औपचारिक समारोह के दौरान ।


चिशिनाउ के राष्ट्रपति भवन में राष्ट्रपति द्रौपदी मुर्मु के स्वागत में आयोजित औपचारिक समारोह के दौरान ।


चिशिनाउ स्थित राष्ट्रपति भवन में मोल्दोवा की राष्ट्रपति माया सैंडू के साथ द्विपक्षीय वार्ता करतीं राष्ट्रपति द्रौपदी मुर्मु।


নতুন দিল্লী, ২০ জুলাই (হি.স.)। তিনিখন দেশৰ ৰাজ্যিক ভ্ৰমণৰ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে সোমবাৰে মলদোভাৰ ৰাজধানী চিচিনাউত ৰাষ্ট্ৰপতি মাইয়া চাণ্ডুৰ সৈতে দ্বিপাক্ষিক আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। কৃষি, স্বাস্থ্য, ঔষধ, নবীকৰণযোগ্য শক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্ৰিম বুদ্ধিমত্তা (এআই), উদ্ভাৱন, লজিষ্টিক, আন্তঃগাঁথনিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে দুয়োগৰাকী নেতাই সহমতত উপনীত হয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰে ৰাষ্ট্ৰপতি মুৰ্মু চিচিনাউত উপস্থিত হয়। তেওঁৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ ৰাজ্যিক মন্ত্ৰী নিমুবেন জয়ন্তীভাই বাম্ভানীয়া, ৰাজ্যসভাৰ সদস্য ড০ দীনেশ শৰ্মা, আৰু লোকসভাৰ সদস্য বিজয় বাঘেল। চিচিনাউ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক আদৰণি জনায় মলদোভাৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী মিহাই পপশ্বোইয়ে।

পিছত ৰাষ্ট্ৰপতি মুৰ্মু মলদোভাৰ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয় আৰু তাতেই তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনায় মলদোভাৰ ৰাষ্ট্ৰপতি মাইয়া চাণ্ডুৱে। তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। ইয়াৰ পিছতে দুয়োগৰাকী নেতাৰ মাজত এজন এজনকৈ বৈঠক আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়, য’ত দ্বিপাক্ষিক সম্পৰ্কৰ সকলো মূল দিশৰ ওপৰত বিস্তৃত আৰু আগন্তুক দৃষ্টিভংগীৰে আলোচনা কৰা হয়।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ মলদোভালৈ প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। ই ভাৰত আৰু মলদোভাৰ মাজত ক্ৰমবৰ্ধমান বন্ধুত্ব আৰু পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক। তেওঁ উল্লেখ কৰে যে ভৌগোলিক দূৰত্বৰ মাজতো বিগত তিনিটা দশক ধৰি দুয়োখন দেশৰ মাজত আন্তৰিক সম্পৰ্ক আছে, আৰু শান্তি, উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভাগ-বতৰা মূল্যবোধে এই অংশীদাৰিত্বক অহৰহ শক্তিশালী কৰি তুলিছে।

তেওঁ কয় যে অৰ্থনৈতিক সহযোগিতা দুয়োখন দেশৰ অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰা, যোগান শৃংখল শক্তিশালী কৰা, সংযোগ বৃদ্ধি কৰা, দুয়োখন দেশৰ ব্যৱসায়িক সম্প্ৰদায়ৰ মাজত সহযোগিতাক উৎসাহিত কৰাৰ প্ৰয়োজন আছে।

ৰাষ্ট্ৰপতি মুৰ্মুৱে মলদোভান পেছাদাৰীসকলৰ বাবে ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আই টি ই চি) কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণ আসন দুগুণ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ইয়াৰ ভিতৰত এআই আৰু অন্যান্য উদীয়মান প্ৰযুক্তিৰ সৈতে জড়িত বিশেষ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ’ব। ভাৰতীয় বিদেশ সেৱা প্ৰতিষ্ঠানত এআই আৰু চাইবাৰ কূটনীতি বিষয়ক বিশেষ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ মলদোভান কূটনীতিবিদসকলকো আমন্ত্ৰণ জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande