

নতুন দিল্লী, ২০ জুলাই (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ প্ৰথম দিন সোমবাৰে সংসদ ভৱনত ইণ্ডি এলায়েন্সৰ মজিয়া নেতাসকলে বৈঠকত মিলিত হৈ সদনৰ ভিতৰতে চৰকাৰক কোণত ৰখাৰ কৌশল ৰচনা কৰে । ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন।
সংসদ ভৱনৰ খৰ্গেৰ চেম্বাৰত অনুষ্ঠিত হয় এই বৈঠক খন। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউত, সমাজবাদী পাৰ্টিৰ সাংসদ ধৰ্মেন্দ্ৰ যাদৱ আৰু জাতীয়তাবাদী কংগ্ৰেছ দলৰ সাংসদ সুপ্ৰিয়া চুলেৰ লগতে ভাৰতীয় মিত্ৰজোঁটৰ ভিতৰৰ বিভিন্ন দলৰ সদনৰ নেতাই অংশগ্ৰহণ কৰে।
সূত্ৰসমূহে জনোৱা মতে, বৈঠকত চলিত অধিৱেশনৰ সময়ত উত্থাপন কৰিবলগীয়া মূল বিষয়সমূহ আৰু চৰকাৰক কোণত ৰখাৰ কৌশলসমূহৰ বিষয়ে আলোচনা কৰা হয় । বিৰোধী দলসমূহে সদনৰ ভিতৰত জনস্বাৰ্থৰ বিষয়সমূহ শক্তিশালীভাৱে উত্থাপন কৰাৰ লগতে বিভিন্ন বিষয়ত এক উমৈহতীয়া স্থিতি গ্ৰহণৰ ওপৰত আলোচনা কৰে।
উল্লেখযোগ্য যে বৰ্ষাকালিন অধিৱেশনৰ প্ৰথম দিনাই লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধীয়ে এনইইটি-ইউজিৰ প্ৰশ্নকাকত ফাদিল আৰু অযোধ্যাৰ ৰাম মন্দিৰত প্ৰণামী চুৰি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ হুলস্থুলৰ সৃষ্টি কৰিছিল। ইয়াৰ বাবে দুয়োটা সদনৰ কাৰ্য্যবিধি অধিৱেশন আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখিব লগা হয়। এই ঘটনাক্ৰমৰ মাজতে ভাৰতীয় মিত্ৰজোঁটৰ এই বৈঠক অনুষ্ঠিত হৈছিল বিৰোধীৰ ভৱিষ্যতৰ কৌশল নিৰ্ধাৰণৰ বাবে।
------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ