

- চিজেপিৰ মুৰব্বী অভিজিৎ দীপকেৰ অনশন অন্ত
নতুন দিল্লী, ২০ জুলাই (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ প্ৰথম দিনটো সোমবাৰে দিল্লীৰ যন্তৰ মন্তৰত সংসদলৈ সমদল উলিয়াবলৈ সাজু হোৱা চিজেপিৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। আৰক্ষীয়ে মৃদু শক্তি প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক আগবাঢ়ি যোৱাত বাধা দিয়ে। তাৰ পিছত কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰা হয়। পিছত চিজেপিৰ মুৰব্বী অভিজিৎ দীপকে পানী পান কৰি অনশনৰ অন্ত পেলায়।
যন্তৰ মন্তৰৰ পৰা সংসদ ভৱনৰ দিশে সমদল উলিয়াব বিচাৰিছিল প্ৰতিবাদকাৰীয়ে। আৰক্ষীয়ে দাবী কৰে যে এই পদযাত্ৰাৰ অনুমতি লাভ কৰা হোৱা নাই, সেয়েহে তেওঁলোকক আগবাঢ়ি যাবলৈ দিয়া হোৱা নাছিল। ইতিমধ্যে ঘটনাস্থলীত দিল্লী আৰক্ষী আৰু ৰেপিড একচন ফৰ্চ (আৰ এ এফ) মোতায়েন কৰা হৈছিল। আৰক্ষীয়ে প্ৰতিবাদকাৰীক বুজাবলৈ চেষ্টা চলাইছিল যদিও ভিৰ অটল হৈ থাকে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃদু শক্তি প্ৰয়োগ কৰি তেওঁলোকক পিছলৈ ঠেলি দিয়ে।
বহু প্ৰতিবাদকাৰীয়ে বেৰিকেড পাৰ হৈ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰে। একাংশই মণ্ডী হাউচ আৰু ৰাজীৱ চ’ক মেট্ৰ’ ষ্টেচনত উপস্থিত হোৱাৰ বিপৰীতে সংসদ আৰক্ষী থানা এলেকা পোৱাৰ পিছতে আটক কৰি ৰখা হয়। অৱশ্যে গুৰুতৰ লাঠিচাৰ্জ বা বহু সংখ্যক আহত হোৱাৰ দাবী আৰক্ষীয়ে অস্বীকাৰ কৰিছে।
ইয়াৰ পূৰ্বে চিজেপিৰ মুৰব্বী অভিজিৎ দীপকে কৈছিল যে যদি দুঘণ্টাৰ ভিতৰত সমাজ কৰ্মী সোণম ৱাংচুকক যন্তৰ মন্তৰলৈ অনা নহয় তেন্তে প্ৰতিবাদকাৰীয়ে সংসদলৈ সমদল উলিয়াব। ছফদাৰজং হাস্পতালত ভৰ্তি ৱাংচুকৰ অনশনৰ আজি ২৩ তম দিন। পিছত দিপকে পানী সেৱন কৰি অনশনৰ অন্ত পেলায়।
ইফালে চিজেপিৰ মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে.পি. নড্ডাক সাক্ষাত কৰিবলৈ উপস্থিত হয়। সৌৰভ দাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উল্লেখ কৰে যে চৰকাৰে তেওঁলোকৰ কাষ চাপিছে আলোচনাৰ বাবে আৰু দলে নিজৰ দাবীৰ ওপৰত আলোচনা কৰিব। আন্দোলনৰ সমৰ্থনত বৃহৎ সংখ্যক যুৱক-যুৱতী সমবেত হৈছে আৰু প্ৰতিবাদ অব্যাহত থাকিব।--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ