নাগালেণ্ডৰ মন চহৰত ব্যাপক ভূমিস্খলন; চাৰিটা মৃতদেহ উদ্ধাৰ, পাঁচটাৰ সন্ধান অব্যাহত
-মূখ্যমন্ত্ৰীৰ শোক প্ৰকাশ, ক্ষতিপূৰণ ঘোষণা কোহিমা, ১৯ জুলাই (হি.স.)। নাগালেণ্ডৰ মন জিলা সদৰ চহৰত আজি এক বৃহৎ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । ধ্বংসাৱশেষৰ তলত ৯ জন লোক আৱদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে । চৰকাৰী সূত্ৰৰ মতে, ধ্বংসাৱশেষৰ তলত মুঠ ৯ জন লোক পোত গ
नगालैंड के मोन शहर में भारी भूस्खलन का दृश्य


-মূখ্যমন্ত্ৰীৰ শোক প্ৰকাশ, ক্ষতিপূৰণ ঘোষণা

কোহিমা, ১৯ জুলাই (হি.স.)। নাগালেণ্ডৰ মন জিলা সদৰ চহৰত আজি এক বৃহৎ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । ধ্বংসাৱশেষৰ তলত ৯ জন লোক আৱদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে । চৰকাৰী সূত্ৰৰ মতে, ধ্বংসাৱশেষৰ তলত মুঠ ৯ জন লোক পোত গৈছে। চাৰিটা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন ৫জনৰ সন্ধান অব্যাহত আছে। সূত্ৰই ইংগিত দিছে যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে । ভুক্তভোগীৰ ভিতৰত চাৰিগৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে। অসম ৰাইফলছ কেম্পৰ তলৰ এটা অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে।

এই সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই শোক প্ৰকাশ কৰি ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, মন জিলাত ব্যাপক ভূমিস্খলনৰ খবৰ পাই অত্যন্ত দুখী । নিজৰ আপোনজনক হেৰুওৱাসকলৰ প্ৰতি মোৰ গভীৰ শোক। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে।

তেওঁ উল্লেখ কৰে যে এন এছ ডি এম এ, জিলা প্ৰশাসন, ডি ডি এম এ, এছ ডি আৰ এফ, আৰক্ষী, আছাম ৰাইফলছ, আৰু স্থানীয় জনগোষ্ঠীসমূহে এই স্থানত অনুসন্ধান আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। আন এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে মৃতকৰ পৰিয়ালক তাৎক্ষণিক ক্ষতিপূৰণ আৰু ক্ষতিগ্ৰস্ত সকলো লোককে সাহায্য সাহায্য প্ৰদান কৰিব।

সূত্ৰৰ পৰা পোৱা প্ৰাৰম্ভিক তথ্য অনুসৰি এতিয়াও বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে, আৰু উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ যোৱাৰ চেষ্টা চলাইছে ।

খবৰ অনুসৰি ১০টাতকৈও অধিক ঘৰ (আৰ চি চিৰ কাঠামোকে ধৰি) পুতি থৈছে বা ধ্বংসাৱশেষে উটুৱাই লৈ গৈছে ।

ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ লগতে আৰু অধিক ভূমিস্খলনৰ আশংকা বৃদ্ধি পোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে । অস্থিৰ মাটি, নবীকৃত ধ্বংসাৱশেষৰ প্ৰবাহ, আৰু দ্ৰুত বৈ যোৱা পানীয়ে উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে, যাৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চললৈ জৰুৰীকালীন কৰ্মী আৰু সঁজুলিৰ আগমন লেহেমীয়া হৈছে ।

স্থানীয় কৰ্তৃপক্ষ আৰু উদ্ধাৰকাৰী সংস্থাসমূহে জীৱিত লোকক বিচাৰি উলিয়াবলৈ আৰু ক্ষতিৰ মূল্যায়নৰ বাবে কঠিন পৰিস্থিতিত কাম কৰি আছে । অৱশ্যে কৰ্তৃপক্ষই এতিয়াও আনুষ্ঠানিকভাৱে মৃতকৰ সংখ্যা প্ৰকাশ কৰা নাই ।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande