
কলকাতা, ১৯ জুলাই (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত দেওবাৰে কলকাতাত পশ্চিম বংগৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মুখ্যমন্ত্রী শুভেন্দু অধিকাৰী, ৰাজ্যিক মুখ্য সচিব মনোজ আগৰৱালা,কে ধৰি কেন্দ্রীয় গৃহ মন্ত্র্যালয় আৰু পশ্চিম বংগ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্রহণ কৰে ৷ মহিলাৰ সুৰক্ষা, আভ্যন্তৰীণ নিৰাপত্তা, আৰক্ষীৰ আধুনিকীকৰণ, চাইবাৰ নিৰাপত্তা, আৰু সীমান্ত সুৰক্ষাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল।
বৈঠকত অমিত শ্বাহে গ্ৰামাঞ্চলৰ মহিলাসকলৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াত গুৰুত্ব আৰোপ কৰি ৰাজ্যত মহিলা প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ বিষয়াসকলক গ্ৰাম্য মহিলাসকলক শিক্ষিত আৰু সবলীকৰণৰ বাবে নিয়মীয়াকৈ যোগাযোগ স্থাপন কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পোনপটীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
আভ্যন্তৰীণ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্যত বিশেষ অনুসন্ধান সংস্থা (এছআইএ) স্থাপনৰ দিশত প্ৰয়োজনীয় পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই সংস্থাটোৱে এণ্টি-নাৰ্কটিকছ টাস্ক ফ’ৰ্চ, এণ্টি-টেৰ’ৰিষ্ট স্কোয়াড, আৰু নেশ্যনেল ইনভেষ্টিগেচন এজেন্সীৰ দৰে কাম কৰিব। পশ্চিম বংগৰ সৈতে জড়িত সন্ত্ৰাসবাদ আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ সকলো গোচৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ দ্বাৰা পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হ’ব বুলিও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি সীমান্তৱৰ্তী অঞ্চলত চৰকাৰী ভূমিত অবৈধ বেদখল আঁতৰোৱাৰ নিৰ্দেশ দিয়া হয়।
গৃহমন্ত্ৰীয়ে পশ্চিম বংগ আৰক্ষীৰ আধুনিকীকৰণ, আন্তঃগাঁথনি উন্নয়ন, সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ বাবে পৰ্যাপ্ত বাজেট সহায়ৰ আশ্বাস দিয়ে। তেওঁ আৰক্ষী বাহিনীৰ শক্তি ৰাষ্ট্ৰীয় গড়লৈ বৃদ্ধিৰ বাবে কেডাৰ পৰ্যালোচনা, আৰক্ষী জিলাসমূহৰ যুক্তিসংগত পুনৰ্গঠন, সকলো খালী পদত সময়মতে নিযুক্তি, প্ৰশিক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা, আৰু অসামৰিক স্বেচ্ছাসেৱকৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ কনিষ্টবল নিযুক্তিক অগ্ৰাধিকাৰ দিয়াৰ নিৰ্দেশ দিয়ে।
পূৰ্বৰ বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলত স্থাপন কৰা নিৰাপত্তা শিবিৰৰ এক তৃতীয়াংশক ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি স্থানীয় বাসিন্দাসকলৰ বাবে চৰকাৰী সেৱাৰ সুবিধা সহজলভ্য কৰি তোলাৰ বাবেও বৈঠকত সন্মতি দিয়া হয়।
ইয়াৰ উপৰিও চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সামৰ্থ্য গঢ়ি তোলা, নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে নিয়মীয়া সমন্বয় সভা অনুষ্ঠিত কৰা, কলকাতাৰ বাবে বান ব্যৱস্থাপনাৰ এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ নিৰ্দেশনা দিয়া হৈছিল। বৈঠকৰ শেষত সংশ্লিষ্ট সকলো সংস্থাক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অগ্ৰাধিকাৰৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া