
ধুবুৰী, ১৯ জুন (হি.স.) : ধুবুৰী আৰক্ষীৰ অভিযানত আটক হৈছে ছয়জন ডকাইতৰূপী চোৰ। ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলং খনৰ সামগ্ৰী চুৰিকাণ্ডৰ অভিযোগত আৰক্ষীয়ে আটক কৰে ছয়জন ডকাইতৰূপী চোৰক । আটকাধীন চোৰ কেইজনৰ নাম হৈছে ৰূপচান্দ আলী, আয়ুব সেখ, আমিনুৰ ইছলাম, মোছতাফিজুৰ আলম, ফৰহাদ আলী আৰু চৰহাব আলী ।
দীৰ্ঘদিন ধৰি ডকাইতৰূপী চোৰ কেইজনে ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলং খনৰ সামগ্ৰী চুৰি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছিল।ধুবুৰী বজাৰ নগৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত কালি বিয়লি বিভিন্ন স্থানত অভিযান চলাই ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলঙৰ সামগ্ৰী সৈতে চোৰ কেইজনক আটক কৰিছে । অধিক তথ্যৰ বাবে আটাইকেইটা চোৰক আটক কৰি ধুবুৰী বজাৰ নগৰ আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ