গৌৰীপুৰ আঠানী আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান, ধৃত ১
গৌৰীপুৰ আঠানী আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান।
গৌৰীপুৰ আঠানী আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান, ধৃত ১


ধুবুৰী, ১৮ জুন (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আঠানী আৰক্ষীয়ে যোৱা কালি বুধবাৰে সন্ধিয়া গাঞ্জা বিৰোধী অভিযান চলায় । আৰক্ষীয়ে পিয়াজবাৰী টোপপাৰা-ঝাউ পাৰাত অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জাসহ আটক কৰে এটা সৰবৰাহকাৰী ।

আটক হোৱা সৰবৰাহকাৰী জনৰ নাম আশ্রাফ আলী বুলি জানিব পৰা গৈছে । জব্দকৃত গাঞ্জাখিনিৰ ওজন প্ৰায় ৫ কে :জি । আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীটোক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande