হাজোৰ বৰ্ণিৰ ন পাৰাত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ
হাজোৰ বৰ্ণিৰ ন পাৰাত বৃহত পৰিমাণৰ কফ চিৰাপ জব্দ ।
হাজোৰ বৰ্ণিৰ ন পাৰাত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ


কামৰূপ, ১৮ জুন (হি.স.): কামৰূপ জিলাৰ হাজোৰ বৰ্ণিৰ ন পাৰাত যোৱা কালি বুধবাৰে নিশা বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ কৰা হয় ।মাদক দ্ৰব্য বিৰোধী এক বৃহৎ অভিযানত হাজো আৰক্ষীৰ অধীনস্থ ভাৰপ্ৰাপ্ত বিষয়া দাদাৰা আউত পোষ্ট ৰ নেতৃত্বত এটা দলে গোপন সুত্ৰৰ পমখেদি হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণি কুৰিহা ত তালাচী অভিযান চলায় ।

এই অভিযানৰ সময়ত আৰক্ষীয়ে ৫০০ বটল উদ্ধাৰ কৰি জব্দ কৰে সন্দেহযুক্ত এন ডি পি এছ কফ চিৰাপ, যিবোৰ অবৈধ বিক্ৰী বাবে মজুত কৰি ৰখাৰ হৈছিল। বৰ্ণিৰ নাপাৰাৰ ৰচিদ আলিৰ পুত্ৰ দিলোৱাৰ হুছেইন (২৬) আৰু জমচেদ আলিৰ পুত্ৰ বুবুল আলী (৩৫) নামৰ দুজন ব্যক্তি আটক কৰা হৈছে । নিচাযুক্ত দ্ৰব্যৰ নেটৱৰ্কৰ সৈতে জড়িত আন ব্যক্তিক চিনাক্ত কৰিবলৈ অধিক তদন্ত চলি আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande