
কোকৰাঝাৰ, ০৩ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ সাপকাটা অঞ্চলত এক চাঞ্চল্যকৰ ঘটনাৰ পোহৰলৈ আহিছে। মানৱৰূপিৰ দৰে মূৰ্তি বনাই মানুহৰ ঘৰত ৰাখি ফোনযোগে ভয় দেখুৱাই ধন দাবী কৰা এক দুষ্টচক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই দুজনক আটক কৰিবলৈ সক্ষম হয় ।
প্ৰাপ্ত তথ্য অনুসৰি, স্থানীয় ৰাইজৰ সহযোগত সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ২ নং হাওঁৰিয়াপেট অঞ্চলত কালি বিয়লি অভিযান চলাই অভিযানকালীন সময়ত আৰক্ষীয়ে ঘৰৰ পৰা কদ্দুছ আলীক আটক কৰে । ইফালে, এই ঘটনাৰ সৈতে সাপকাটাৰ আন এজন জড়িত অভিযুক্ত আৰক্ষীৰ উপস্থিতি উমান পাই ঘৰৰ খিৰিকি ভাঙি পলায়ন কৰে যদিও সক্ৰিয় ভূমিকালৈ ৰকমত আলীকো আটক কৰে।
উল্লেখযোগ্য যে, এই বৃহৎ দুষ্ট চক্ৰটোৱে মানৱৰূপিৰ দৰে মূৰ্তি ঘৰত ৰাখি সাধাৰণ লোকৰ মাজত আতংক সৃষ্টি কৰি বহুদিনৰ পৰা ধন দাবী কৰি আহিছিল বুলি সন্দেহ কৰা হৈছে।উক্ত ঘটনাৰ খৱৰ পাই গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া মণ্টুৰাম বৰাই ইতিমধ্যে ঘটনাটোৰ অধিক তদন্ত আৰম্ভ কৰা হৈছে বুলি সদৰি কৰে ।
স্থানীয় ৰাইজে আৰক্ষীৰ এই অভিযানক আদৰণি জনাইছে আৰু বৃহৎ চক্ৰটোক গ্ৰেপ্তাৰ কৰি কঠোৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ