চামগুৰিত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ধৃত ৪ জুৱাৰী
চামগুৰিত আৰক্ষীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান।
চামগুৰিত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ধৃত ৪ জুৱাৰী


নগাঁও, ০২ মে’ (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি শুকুৰবাৰে নিশা আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান চলায়। সোণাৰী বালিত অভিযান চলাই জুৱা খেলৰ পৰাই আটক কৰে চাৰি জন লোকক।

অঞ্চলটোত জুৱা খেলৰে পৰিৱেশ বিনষ্ট কৰি অহাৰ লগতে জুৱা খেলি বহু লোক সৰ্বস্বান্ত হোৱাৰো অভিযোগ উঠিছে। আনহাতে এই জুৱা খেলক লৈ পৰিয়ালৰ মাজতো গৃহকন্দলৰ সৃষ্টি হৈছে। চানি ধৰা জুৱা খেলক লৈ সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই চাৰি জুৱাৰীক আটক কৰে। আটক হোৱা চাৰি জুৱাৰী ক্ৰমে আব্দুল ফালান, অহিদুল, চামচুল হক আৰু ছাইদুল বুলি পৰিচয় পোৱা গৈছে । ইফালে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অন্য কেইবাজনো লোক । আটকাধীন চাৰিও জনৰ পৰা জব্দ কৰে জুৱা খেলৰ সামগ্ৰীৰ সৈতে আপত্তিজনক খাদ্য সামগ্ৰী ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande