সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ ফটো দি ৰঙা ঘৰৰ আলহী এজন
সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ ফটো দি ৰঙা ঘৰৰ আলহী এজন।
সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ ফটো দি ৰঙা ঘৰৰ আলহী এজন


হোজাই, ২৯ মে’ (হি.স.): ঈদৰ আনন্দ উল্লাসৰ মাজতে সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ ফটো দি যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া ৰঙা ঘৰৰ আলহী হয় এজন লোক । কাকী আৰক্ষীয়ে টঙিয়া অঞ্চলৰ পৰা আটক কৰে মুক্তাৰ আলী নামৰ লোকজনক ।

কাকী আৰক্ষীয়ে খেদি খেদি আটক কৰে মুক্তাৰক । মুক্তাৰে সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ ফটো আপলোড কৰি কুৰবানিৰ বাবে দুখ প্ৰকাশ কৰে ৷ বৰ্তমান কাকী থানাৰ আলহী মুক্তাৰ আলী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande