বকো আৰক্ষীৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
বকো আৰক্ষীৰ বৃহৎ সফলতা ।
বকো আৰক্ষীৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ


কামৰূপ, ২৮ মে’ (হি.স.): কামৰূপৰ বকো আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সফলতা । আৰক্ষীয়ে ৪১.৬০২ কিলোগ্ৰাম গাঞ্জা সহ ১জনক গ্ৰেপ্তাৰ কৰিছে । বকোৰ বাটাকুচি পাহাৰৰ ওপৰত গোপন সূত্ৰৰ পম খেদি কালি বিয়লি বকো আৰক্ষীয়ে উদ্ধাৰ কৰে উক্ত বৃহৎ পৰিমাণৰ গাঞ্জা খিনি ।

বকো-ছয়গাঁও সম জিলাৰ জান কিশোৰ গগৈ, বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনী, হাহিম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল ডেকা, এছ আই বিজয় নাথৰ সফল অভিযানত জব্দ কৰা হয় উক্ত বৃহৎ পৰিমাণৰ গাঞ্জা খিনি । উক্ত অভিযানত বাটাকুচিৰ ভূমিধৰ ৰাভা নামৰ লোক এজনক বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । খৱৰ অনুশৰি উক্ত ব্যক্তিজনৰ সৰলতাৰ সুযোগ লৈ তেওঁৰ বাসগৃহৰ পৰাই কোনো অসাধু লোকে চলাই গৈছে গাঞ্জাৰ ৰমৰমীয়া বেহা ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande