
বৰপেটা, ২৭ মে’ (হি.স.): বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চৰাঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে । আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত সুখোৱাৰঝাৰ ঘাটত যোৱা কালি মঙলবাৰে নিশা চলা অভিযানত ৭ টা ঘোঁৰাগাড়ীসহ বৃহৎ পৰিমাণৰ শাল আৰু চেগুন কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে চোৰাং কাঠখিনি বাঘমাৰাচৰ লৈ নিয়াৰ চেষ্টা কৰিছিল চোৰাং ব্যৱসায়ীয়ে। জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় তিনি লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে। ইপিনে জব্দকৃত চোৰাং কাঠৰ লগতে ঘোঁৰাগাড়ী কেইটা ইতিমধ্যে আলোপতিচৰ আৰক্ষী থানালৈ অনা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ