কোৰবানী ঈদৰ প্ৰাক ক্ষণত কলিয়াবৰত পুনৰ গৰু ভৰ্তি বাহন জব্দ
কোৰবানী ঈদৰ প্ৰাক ক্ষনত কলিয়াবৰত পুনৰ গৰু ভৰ্তি বাহন জব্দ।
কোৰবানী ঈদৰ প্ৰাক ক্ষণত কলিয়াবৰত পুনৰ গৰু ভৰ্তি বাহন জব্দ


নগাঁও, ২৭ মে’ (হি.স.): কোৰবানী ঈদৰ প্ৰাক ক্ষণত কলিয়াবৰত যোৱা কালি মঙলবাৰে নিশা পুনৰ গৰু ভৰ্তি বাহন জব্দ কৰা হৈছে ।কলিয়াবৰ সমজিলাৰ অন্তৰ্গত চুলুং আৰক্ষীয়ে মানৱ ধৰ্ম সেৱাশ্ৰমৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে অবৈধ ভাবে সৰবৰাহ কৰা গৰু ভৰ্তি এখন বলেৰ' পিক আপ বাহন।

বাহন খনৰ লগতে আৰক্ষীয়ে আটক কৰিছে চালক সহ তিনিজনকৈ গো ধন সৰবৰাহকাৰী । অবৈধ ভাবে কঢ়িয়াই অনা গৰু ভৰ্তি বাহন খনৰ নম্বৰ এএছ ৩২ চি ২০৮৭ বুলি জনা গৈছে। বিশ্বনাথ চাৰিআলিৰ পৰা নগাওঁ জুৰিয়ালৈ বলেৰ' পিক আপ বাহন খনত কঢ়িয়াই আনিছিল ৮ টাকৈ গৰু। ইতিমধ্যে চুলুং আৰক্ষীয়ে জব্দ কৰা গো ধন কেইটা গো- শালালৈ প্ৰেৰণৰ ব্যবস্থা গ্ৰহণ কৰাৰ লগতে আটকাধীন গো-ধন সৰবৰাহকাৰী কেইজনৰ ওপৰত আইনগত ব্যৱস্থা ল’বৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande