
নতুন দিল্লী, ০৮ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কেবিনেটৰ সিদ্ধান্তক দেশৰ কৃষক, স্বচ্ছ শক্তি আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। এই সিদ্ধান্তসমূহৰ বিষয়ে তেওঁ এটা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বজনীন প্ৰত্যাহ্বানৰ মাজতো কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়ে আছে। এই সন্দৰ্ভত ২০২৬ চনৰ খাৰিফ বতৰৰ বাবে পুষ্টি ভিত্তিক ৰাজসাহায্য (এন বি এছ) বৃদ্ধিৰ অনুমোদন দিয়া হৈছে, যাৰ ফলত কৃষকসকলে সুলভ মূল্যত সাৰ পোৱাটো নিশ্চিত কৰিছে।
স্বচ্ছ শক্তি খণ্ডৰ আন এক বৃহৎ পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে অৰুণাচল প্ৰদেশৰ কমলা জলবিদ্যুৎ প্ৰকল্পত অনুমোদন জনোৱা হৈছে। ইয়াৰ ফলত দেশৰ স্বচ্ছ শক্তি পৰিৱেশ তন্ত্ৰ শক্তিশালী হ’ব আৰু ৰাজ্যখনৰ শক্তি, আন্তঃগাঁথনি, আৰু সম্প্ৰদায়ৰ উন্নয়নৰ প্ৰসাৰ ঘটিব।
ইয়াৰ উপৰিও কলাই-দ্বিতীয় জলবিদ্যুৎ প্ৰকল্পতো অনুমোদন জনোৱা হৈছে, যিয়ে উত্তৰ-পূব অঞ্চলত বিদ্যুৎ যোগান শক্তিশালী কৰিব, বহনক্ষম শক্তি উৎপাদন বৃদ্ধি কৰিব, আৰু স্থানীয় কৰ্মসংস্থাপন আৰু উন্নয়নৰ সুযোগ সৃষ্টি কৰিব।
প্ৰধানমন্ত্ৰীয়ে জয়পুৰ মেট্ৰ’ ফেজ-২ প্ৰকল্পক মহানগৰীৰ বাবে এক বৃহৎ আন্তঃগাঁথনি উন্নীতকৰণ বুলিও অভিহিত কৰে। তেওঁ কয় যে ইয়াৰ দ্বাৰা সংযোগ সম্প্ৰসাৰিত হ’ব, যান-জঁট হ্ৰাস পাব, আৰু জীৱনটো অধিক সুলভ হ’ব।
প্ৰধানমন্ত্ৰীৰ মতে এই সকলোবোৰ সিদ্ধান্ত দেশৰ সামগ্ৰিক উন্নয়ন, বহনক্ষম শক্তি, আৰু উন্নত জীৱনৰ মান নিশ্চিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ।
উল্লেখযোগ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মুঠ ১.৭৪ লাখ কোটি ₹তকৈ অধিক ব্যয় সাপেক্ষে কেইবাটাও বৃহৎ প্ৰকল্পত অনুমোদন জনায়। ইয়াৰ ভিতৰত আছে খাৰিফ ২০২৬ (এপ্ৰিল-ছেপ্টেম্বৰ), জয়পুৰ মেট্ৰ’ ফেজ-২ প্ৰকল্পৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰ, আৰু এইচপিচিএল ৰাজস্থান শোধনাগাৰৰ বাবে সংশোধিত খৰচ।
हिन्दुस्थान समाचार / অৰৱিন্দ