খৰ্গেৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত বিজেপিৰ এজাহাৰ দাখিল
নতুন দিল্লী, ০৮ এপ্ৰিল (হি.স.)। অসম বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বক্তব্য সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতৰ নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰে। সাত পৃষ্ঠাৰ এই অভিযোগ নামাত ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা কংগ্ৰেছৰ সভাপতি ম
भाजपा महासचिव अरुण सिंह


নতুন দিল্লী, ০৮ এপ্ৰিল (হি.স.)। অসম বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বক্তব্য সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতৰ নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰে। সাত পৃষ্ঠাৰ এই অভিযোগ নামাত ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে নিৰ্বাচনী সভাত বক্তব্য প্ৰদান কৰি ধৰ্মীয় আৰু ৰাজনৈতিক উত্তেজনা জগাই তোলাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

বিজেপিয়ে এজাহাৰত উল্লেখ কৰিছে যে অসমৰ নীলামবজাৰত মুছলমান সম্প্ৰদায়ৰ সদস্যৰ সন্মুখত খৰ্গেয়ে কয় যে, প্ৰাৰ্থনাৰ সময়ত যদি বিষাক্ত সাপ আবিৰ্ভাৱ হয়, তেন্তে তাক হত্যা কৰা উচিত। আৰএছএছ আৰু বিজেপি ইমানেই বিষাক্ত সাপ যে হত্যা নকৰিলে বাচি নাথাকিব। এই বক্তব্যই নিৰ্বাচনী লাভৰ বাবে মুছলমান ভোটাৰৰ ধৰ্মীয় আৱেগক শোষণ কৰে। ইয়াত কোৰআনৰ উদ্ধৃতি দি ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে হিংসাক ন্যায্যতা প্ৰদান কৰাৰ চেষ্টা কৰা হৈছে। ই ধৰ্মীয় সম্প্ৰদায়ৰ মাজত প্ৰত্যক্ষ আৰু বিপজ্জনক বিভাজনৰ সৃষ্টি কৰে। ই হিংসাৰ প্ৰতি প্ৰত্যক্ষ উচতনি।

বিজেপিয়ে উল্লেখ কৰে যে এয়া নিৰ্বাচনী আচৰণ বিধি সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে। এই বক্তব্যই ভাৰতীয় দণ্ডবিধি, ২০২৩ৰ অধীনত এক গুৰুতৰ অপৰাধ হিচাপে পৰিগণিত হৈছে। বিজেপিয়ে নিৰ্বাচন আয়োগে খৰ্গে আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande