ভৈৰহাৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিচালনাৰ বাবে ভাৰতৰ পৰা সহায় লোৱাৰ পৰামৰ্শ
কাঠমাণ্ডু, ০৬ এপ্ৰিল (হি.স.)। নেপালৰ লুম্বিনি প্ৰদেশৰ সংসদ সদস্যসকলে প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহক ভাৰতৰ সীমান্তৰ ভৈৰহাৱাত গৌতম বুদ্ধ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ বাবে ভাৰত চৰকাৰৰ পৰা শীঘ্ৰে সহায় ল’বলৈ পৰামৰ্শ দিছে। সোমবাৰে প্ৰধানমন্ত্ৰী
लुंबिनी प्रदेश के सांसदों के साथ प्रधानमंत्री बालेन्द्र शाह


কাঠমাণ্ডু, ০৬ এপ্ৰিল (হি.স.)। নেপালৰ লুম্বিনি প্ৰদেশৰ সংসদ সদস্যসকলে প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহক ভাৰতৰ সীমান্তৰ ভৈৰহাৱাত গৌতম বুদ্ধ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ বাবে ভাৰত চৰকাৰৰ পৰা শীঘ্ৰে সহায় ল’বলৈ পৰামৰ্শ দিছে।

সোমবাৰে প্ৰধানমন্ত্ৰী শ্বাহে লুম্বিনি প্ৰদেশৰ পৰা প্ৰতিনিধি সদনৰ নিৰ্বাচিত সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত উপস্থিত থকা নেপালী কমিউনিষ্ট পাৰ্টিৰ নেতা বৰ্ষমন পুনে ভৈৰহাৱাত গৌতম বুদ্ধ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিচালনা সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা তাৎক্ষণিক সহায়ৰ পৰামৰ্শ আগবঢ়ায়। ভৈৰহাৱা বিমানবন্দৰ অতি সোনকালে কাৰ্যক্ষম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ ভাৰতৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ বিমান পথৰ বিষয়ত কূটনৈতিক আলোচনাৰ আহ্বান জনায়।

পুনে কয় যে ভৈৰহাৱা বিমানবন্দৰত লেবাৰ ডেস্ক স্থাপন, আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা নিয়মীয়া কৰা, পৰ্যটন খণ্ডত নতুন সুযোগ মুকলি কৰাত আৰু পলম হ’ব নালাগে । উপস্থিত সকলো সাংসদে পুনৰ এই পৰামৰ্শ সমৰ্থন কৰি উদ্বেগ প্ৰকাশ কৰে যে বিমানবন্দৰটো নিৰ্মাণৰ পাঁচ বছৰৰ পাছতো কাৰ্যক্ষম নহ’ল । ভাৰতৰ সীমান্তত অৱস্থিত এই বিমানবন্দৰটো কাৰ্যকৰী কৰাৰ বাবে ভাৰত চৰকাৰৰ সৈতে কূটনৈতিক পদক্ষেপৰ বিকল্প নাই বুলিও আন দলৰ সাংসদসকলে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী শ্বাহে এই সাংসদসকলক আশ্বাস দিয়ে যে তেওঁ অতি সোনকালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক এই সন্দৰ্ভত ভাৰতৰ সৈতে কূটনৈতিক আলোচনা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিব ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande