ইৰাণৰ দক্ষিণ পাৰ্ছ গেছক্ষেত্ৰত ইজৰাইলৰ আক্ৰমণ, অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি
তেহৰাণ/জেৰুজালেম, ০৬ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াত অব্যাহত থকা উত্তেজনাৰ মাজতে ইজৰাইলৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ দক্ষিণ পাৰ্ছ গেছ ক্ষেত্ৰখনত পুনৰবাৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে ইজৰাইলে। এই গেছ ক্ষেত্ৰখন বিশ্বৰ অন্যতম বৃহৎ প্ৰাকৃতিক গেছৰ মজুত হিচাপে গ
ইৰাণৰ দক্ষিণ পাৰ্ছ গেছক্ষেত্ৰত ইজৰাইলৰ আক্ৰমণ, অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি


তেহৰাণ/জেৰুজালেম, ০৬ এপ্ৰিল (হি.স.)। পশ্চিম এছিয়াত অব্যাহত থকা উত্তেজনাৰ মাজতে ইজৰাইলৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ দক্ষিণ পাৰ্ছ গেছ ক্ষেত্ৰখনত পুনৰবাৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে ইজৰাইলে। এই গেছ ক্ষেত্ৰখন বিশ্বৰ অন্যতম বৃহৎ প্ৰাকৃতিক গেছৰ মজুত হিচাপে গণ্য কৰা হয় আৰু ই ইৰাণ আৰু কাটাৰৰ মাজত অৱস্থিত।

খবৰ অনুসৰি সোমবাৰৰ এই আক্ৰমণত গেছ ক্ষেত্ৰখনৰ কিছু অংশ লক্ষ্য কৰি লোৱা হয়। ইয়াৰ পূৰ্বেও ১৮ মাৰ্চত একেটা গেছক্ষেত্ৰতে আক্ৰমণ চলোৱা হৈছিল, যাৰ ফলত বিশ্ব শক্তি বজাৰ আৰু আঞ্চলিক নিৰাপত্তাৰ প্ৰতি উদ্বেগ প্ৰকাশ পাইছিল।

ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এনে আক্ৰমণৰ বিষয়ে অজ্ঞাত বুলি উল্লেখ কৰি চৰকাৰক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল। অৱশ্যে শেহতীয়া আক্ৰমণৰ পিছতে আমেৰিকাৰ কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই।

ইফালে জৰ্ডানত থকা আমেৰিকাৰ সামৰিক ঘাটিৰ সমীপতো বিস্ফোৰণৰ খবৰ ওলাইছে। প্ৰাৰম্ভিক খবৰ অনুসৰি এই আক্ৰমণসমূহে আমেৰিকাৰ সামৰিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লোৱা হ’ব পাৰে যদিও এতিয়াও এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

শক্তিৰ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ আৰু অঞ্চলটোত বৃদ্ধি পোৱা সামৰিক কাৰ্যকলাপে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ ফলত পশ্চিম এছিয়াৰ নিৰাপত্তা পৰিস্থিতিত প্ৰভাৱ পৰাই নহয়, বিশ্বৰ তেল আৰু গেছ যোগানতো প্ৰভাৱ পৰিব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande