আই পি এল ২০২৬: অৰেঞ্জ কেপ দৌৰত বৈভৱ সূৰ্যবংশী ১ নং স্থান দখল
নতুন চণ্ডীগড়, ২৯ এপ্ৰিল (হি.স.)। ৰাজস্থান ৰয়েলছৰ যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে অৰেঞ্জ কেপৰ দৌৰত অগ্ৰগতি লাভ কৰিছে। মঙলবাৰে নিশা অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ খেলখনত তেওঁ পাঞ্জাব কিংছৰ বিৰুদ্ধে মাত্ৰ ১৬টা বলত ৪৩ ৰান সংগ্ৰহ কৰে
वैभव सूर्यवंशी (फोटो- राजस्थान रॉयल्स सोशल मीडिया एक्स)


নতুন চণ্ডীগড়, ২৯ এপ্ৰিল (হি.স.)। ৰাজস্থান ৰয়েলছৰ যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে অৰেঞ্জ কেপৰ দৌৰত অগ্ৰগতি লাভ কৰিছে। মঙলবাৰে নিশা অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ খেলখনত তেওঁ পাঞ্জাব কিংছৰ বিৰুদ্ধে মাত্ৰ ১৬টা বলত ৪৩ ৰান সংগ্ৰহ কৰে। মেচখনত ৬ উইকেটত পৰাস্ত হয় পঞ্জাব কিংছ।

বৈভৱে নিজৰ বিস্ফোৰক ইনিংছত ৩টা চাৰি আৰু ৫টা ছয় কৰে। ইয়াৰ লগে লগে তেওঁ এই ছিজনত ৪০০ ৰানৰ সীমাত উপনীত হোৱা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়। এই ছিজনত এতিয়ালৈকে ৯খন মেচত গড়ে ৪৪.৪৪ আৰু ২৩৮.০৯ৰ উৎকৃষ্ট ষ্ট্ৰাইক ৰেটত ৪০০ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ এটা শতক আৰু দুটা অৰ্ধশতক অৰ্জন কৰিছে।

তেওঁৰ পিছতে অৰেঞ্জ কেপ দৌৰত অভিষেক শৰ্মা (৩৮০ ৰান), কে এল ৰাহুল (৩৫৮ ৰান), বিৰাট কোহলী (৩৫১ ৰান), আৰু হাইনৰিখ ক্লাচেনে (৩৪৯ ৰান)। ৩৪৬ ৰানেৰে ষষ্ঠ স্থানত আছে প্ৰভসীমৰণ সিং।

পাৰ্পল কেপ দৌৰত কঠিন প্ৰতিযোগিতা

এই মেচখনত ইংলেণ্ডৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰে এটা উইকেট দখল কৰি মুঠ ১৪ উইকেটলৈ বৃদ্ধি কৰি পাৰ্পল কেপ ৰেছত দ্বিতীয় স্থানলৈ আগবাঢ়িছে।

ভুৱনেশ্বৰ কুমাৰ (শীৰ্ষত), অংশুল কম্বোজ (তৃতীয়), আৰু ঈশান মালিংগা (চতুৰ্থ)ৰো ১৪টাকৈ উইকেট আছে। ইয়াৰ পিছতে ১৩টাকৈ উইকেট দখল কৰি প্ৰিন্স যাদৱ আৰু কাগিছ’ ৰাবাদা।

মেচৰ অৱস্থা

নিউ চণ্ডীগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পঞ্জাৱ কিংছে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৪ উইকেটত ২২২ ৰান সংগ্ৰহ কৰে। মাৰ্কাছ ষ্টয়নিছে ৬২ ৰান কুইকফায়াৰ ইনিংছ খেলাৰ বিপৰীতে প্ৰভসিমৰন সিং (৫৯), অধিনায়ক শ্ৰেয়াছ আয়াৰ (৩০), কুপাৰ কনলি (৩০), আৰু প্ৰিয়ংশ আৰিয়াই (২৯) উল্লেখযোগ্য অৱদান আগবঢ়ায়।

মেচখনত ২২৩ ৰানৰ লক্ষ্য খেদি খেদি ৰাজস্থানে আক্ৰমণাত্মক আৰম্ভণি কৰে। বৈভৱ সূৰ্যবংশী (৪৩) আৰু যশস্বী জয়ছোৱালে (৫১) সুদৃঢ় আৰম্ভণি কৰে । ইয়াৰ পাছত ড’নভান ফেৰেইৰা (৫২ নট আউট) আৰু শুভম ডুবে (৩১ নট আউট)য়ে এক চমৎকাৰ অংশীদাৰিত্ব ভাগ কৰি ১৯.২ অভাৰত দলটো লক্ষ্যত উপনীত হয় ৷

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande