
নতুন চণ্ডীগড়, ২৯ এপ্ৰিল (হি.স.)। ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মুখ্য প্ৰশিক্ষক কুমাৰ সাংগককাৰাই ৩১ বছৰীয়া বেটছমেন শুভম ডুবেক প্ৰশংসা কৰে। তেওঁ কয় যে তেওঁ ইমপেক্ট চাব হিচাপে যি কৰিলে সেয়া অতি উত্তম।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত টেবুলৰ শীৰ্ষস্থান দখল কৰা পঞ্জাব কিংছৰ বিৰুদ্ধে জয়লাভ কৰাৰ ক্ষেত্ৰত শুভম ডুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইমপেক্ট চাব হিচাপে আহি ১২টা বলত অপৰাজিত ৩১ ৰান সংগ্ৰহ কৰে। প্ৰথমে বেটিং কৰাৰ সময়ত পঞ্জাবে ২২২ ৰান সংগ্ৰহ কৰিছিল।
লক্ষ্যৰ খেদি খেদি বৈভৱ সূৰ্যবংশী (৪৩) আৰু যশস্বী জয়ছৱালে (৫১) শক্তিশালী আৰম্ভণি কৰিছিল যদিও মাজৰ অভাৰত ধাৰাবাহিক উইকেটৰ বাবে ৰাজস্থানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল। ১৪ অভাৰৰ অন্তত ৰাজস্থানে ৪ উইকেটত ১৫১ ৰান কৰে।শুভম ডুবেক ইমপেক্ট চাব হিচাপে বেটিং কৰিবলৈ প্ৰেৰণ কৰে। ড’নভান ফেৰেইৰাৰ সৈতে ডুবেই উজ্জ্বল বেটিং কৰি চাৰিটা বল বাকী থকা অৱস্থাত দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। ডুবেই ১২টা বলত অপৰাজিত ৩১ ৰান সংগ্ৰহ কৰি তিনিটা চাৰি আৰু দুটা ছয় কৰে। ইয়াৰ পিছতে ফেৰেইৰাই অপৰাজিত ৫২ ৰান সংগ্ৰহ কৰে।
মেচৰ পিছৰ সংবাদমেলত কুমাৰ সাংগাকাৰাই কয় যে, ‘মই জানো যে বৈভৱ এজন মেধাৱী খেলুৱৈ হোৱাৰ বাবেই তেওঁৰ ওপৰত বহুত মনোযোগ দিয়া হৈছে, কিন্তু যেতিয়া মই মোৰ দলটোক চাওঁ— বৈভৱ, ধ্ৰুৱ, যশ, ৰিয়ান, ফেৰেইৰা, ডুবে, জাদেজা, আৰু শনাকা—তেওঁলোক সকলোৱেই শীৰ্ষ ক্ৰিকেটাৰ।
সাংগাকাৰাই বিশেষভাৱে ডুবেক প্ৰশংসা কৰি কয় যে মেচখনত ইমপেক্ট প্লেয়াৰ হিচাপে ডুবে যি কৰিলে সেয়া কৰাটো অন্যতম কঠিন কাম। খেলিছে নে নাই নাজানে বুলিও কয়। গতিকে, তেওঁ মানসিকভাৱে অবিশ্বাস্যভাৱে শক্তিশালী। তেওঁ নিজৰ মনোযোগ বজাই ৰাখিবলৈ সক্ষম হৈছিল আৰু খেলপথাৰত মেচখন ঘূৰাই আনিবলৈ সক্ষম হৈছিল। বৰ কঠিন পৰিস্থিতিত পৰিল তেওঁৰ। তেওঁ ফেৰেইৰাৰ প্ৰদৰ্শনক প্ৰশংসা কৰি এয়া প্ৰচণ্ড বুলি অভিহিত কৰে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া