
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ ঢৌ তুলিছে পাঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোসাঞ্জে। শেহতীয়াকৈ তেওঁ আমেৰিকাৰ আয়োজক জিমি ফেলনৰ জনপ্ৰিয় অনুষ্ঠান দ্য টুনাইট শ্ব'ত দ্বিতীয়বাৰৰ বাবে অভিনয় কৰিছিল। ২০২৪ চনৰ পিছত এইটোৱেই আছিল দিলজিতৰ মঞ্চত দ্বিতীয়বাৰৰ বাবে, আৰু তেওঁৰ মনোমোহা অভিনয়েৰে দৰ্শকক মোহিত কৰিছিল।
শ্ব’টোৰ পৰা উভতি অহাৰ পিছত দিলজিতে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টোত জিমি ফেলনে তেওঁক মঞ্চত উষ্ম আদৰণি জনোৱা দেখা গৈছে। দুয়ো আলিংগন কৰি একেলগে ভাংৰা পৰিৱেশন কৰিলে। এই বিশেষ মুহূৰ্তটোৱে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছিল, আৰু ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল।
তেওঁৰ পোষ্টটোত দিলজিতে জিমি ফেলনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি লিখিছে যে তেওঁৰ হাতত অপৰিসীম ইতিবাচক শক্তি আছে। ভাৰতীয় সংস্কৃতিক বিশ্বৰ আগত প্রদর্শন কৰিবৰ বাবে তেওঁক এনে এক মঞ্চ দিয়াৰ বাবেও তেওঁ কৃতজ্ঞতা প্রকাশ কৰে৷ দিলজিতৰ অনুৰাগীসকলে এই কৃতিত্বক ভাৰতীয় সংগীতৰ বাবে এক বৃহৎ অগ্ৰগতি হিচাপে দেখিছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia