গৌৰীৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে আমিৰ খানে কয়, জীৱনটো এতিয়া শান্তিপূৰ্ণ
শেহতীয়াকৈ অভিনেতা আমিৰ খানে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰি বৰ্তমানৰ সংগী গৌৰী স্প্ৰেটৰ সৈতে তেওঁ অতি সুখী বুলি প্ৰকাশ কৰে। জীৱনত গৌৰীক পাই তেওঁ নিজকে অতি সৌভাগ্যৱান বুলি গণ্য কৰে বুলিও কয়। আমিৰৰ মতে তেওঁৰ লগত এক বেলেগ ধৰণৰ শান্তি
गौरी, आमिर - फोटो सोर्स एक्स


শেহতীয়াকৈ অভিনেতা আমিৰ খানে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰি বৰ্তমানৰ সংগী গৌৰী স্প্ৰেটৰ সৈতে তেওঁ অতি সুখী বুলি প্ৰকাশ কৰে। জীৱনত গৌৰীক পাই তেওঁ নিজকে অতি সৌভাগ্যৱান বুলি গণ্য কৰে বুলিও কয়। আমিৰৰ মতে তেওঁৰ লগত এক বেলেগ ধৰণৰ শান্তি আৰু নিশ্চিন্ততা অনুভৱ কৰে।

আমিৰে কয় যে তেওঁৰ জীৱনত ইয়াৰ পূৰ্বেও গভীৰ সম্পৰ্ক আছে। পূৰ্বৰ পত্নী ৰীনা দত্ত আৰু কিৰণ ৰাওৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুয়োৰে সৈতে তেওঁৰ সম্পৰ্ক অতি বিশেষ আছিল যদিও সময়ৰ লগে লগে পৰিস্থিতি সলনি হয়। ইয়াৰ পিছতো তেওঁৰ দুয়োৰে প্ৰতি সন্মান এতিয়াও আছে।

অভিনেতাগৰাকীয়েও স্বীকাৰ কৰে যে বহুদিন তেওঁ নিজৰ কামত সম্পূৰ্ণৰূপে নিমগ্ন হৈ আছিল। তেওঁ কয় যে প্ৰায় ৩০ৰ পৰা ৩৫ বছৰ ধৰি ছবি, অভিনয়, কাম-কাজ তেওঁৰ অগ্ৰাধিকাৰ আছিল, যাৰ বাবে তেওঁ পৰিয়াল আৰু আপোনজনৰ বাবে পৰ্যাপ্ত সময় উচৰ্গা কৰিব পৰা নাছিল। আমিৰে স্বীকাৰ কৰিছিল যে এয়া তেওঁৰ জীৱনৰ অন্যতম ডাঙৰ ভুল।

আমিৰে কয় যে ক’ভিডৰ সময়ত তেওঁ নিজৰ জীৱনৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰাৰ সুযোগ পাইছিল। তেতিয়াই তেওঁ সম্বন্ধৰ গুৰুত্ব উপলব্ধি কৰিছিল। এতিয়া তেওঁ নিজৰ জীৱনত ভাৰসাম্য বজাই ৰাখিব বিচাৰে আৰু বিশ্বাস কৰে যে গৌৰীৰ আগমনৰ লগে লগে তেওঁৰ জীৱনটো আগতকৈ অধিক সম্পূৰ্ণ অনুভৱ হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande