'ৰাজনী কি বাৰাত'ৰ পোষ্টাৰ মুকলি, বিবাহ যাত্ৰী হৈ ওলাল স্বয়ং উলকা গুপ্তা
অভিনেত্ৰী উলকা গুপ্তাৰ আগন্তুক হিন্দী ছবি ‘ৰজনী কি বাৰাত’ৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। পোষ্টাৰখনত উলকাক আত্মবিশ্বাসেৰে স্কুটাৰেৰে নিজৰ বিয়াৰ যাত্ৰাৰ নেতৃত্ব দিয়া দেখা গৈছে। এই অনন্য দৃশ্যটোৱে পৰম্পৰাগত চিন্তাধাৰাৰ বিপৰীত
रजनी की बारात - फोटो सोर्स एक्स


অভিনেত্ৰী উলকা গুপ্তাৰ আগন্তুক হিন্দী ছবি ‘ৰজনী কি বাৰাত’ৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। পোষ্টাৰখনত উলকাক আত্মবিশ্বাসেৰে স্কুটাৰেৰে নিজৰ বিয়াৰ যাত্ৰাৰ নেতৃত্ব দিয়া দেখা গৈছে। এই অনন্য দৃশ্যটোৱে পৰম্পৰাগত চিন্তাধাৰাৰ বিপৰীতে এটা নতুন কাহিনীৰ আভাস দিয়ে, য’ত দেখা গৈছে এগৰাকী ছোৱালীয়ে নিজৰ জীৱনৰ বিষয়ে স্বয়ং সিদ্ধান্ত লয় ।

পোষ্টাৰখনত উলকাৰ কাষত সুনীতা ৰাজৱাৰ আৰু জৰিনা ৱাহাবকো হাঁহি থকা দেখা গৈছে, আনহাতে অশ্বত ভট্টে এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। ৰঙীন বিয়াৰ পৰিৱেশ আৰু পটভূমিত চলি থকা প্ৰস্তুতিয়ে পোষ্টাৰখনক বলীউডৰ এক সুকীয়া স্পৰ্শ দিছে। এই ছবিখনত কনিষ্ক বিজয়কো মূল চৰিত্ৰত অভিনয় কৰা দেখা যাব।

ছবিখনৰ পৰিচালক আদিত্য অমনৰ মতে, ‘ৰাজনী কি বাৰাত’ কেৱল বিয়াৰ কাহিনী নহয়, সমাজৰ পুৰণি মানসিকতাক প্ৰত্যাহ্বান জনোৱা কাহিনী। প্ৰযোজক তনয়া আদৰকাৰ প্ৰভু আৰু তেজ এইচ আদৰকাৰে কয় যে ছবিখনে এক মনোৰঞ্জনমূলক আৰু আৱেগিক কাহিনীৰে আজিৰ প্ৰজন্মৰ সৈতে সংযোগ স্থাপন কৰিব। উলকাই কয় যে ৰজনীৰ চৰিত্ৰটো তাইৰ হৃদয়ৰ অতি ঘনিষ্ঠ। এপিফেনি এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত এই ছবিখন ২০২৬ চনৰ ২৯ মে’ত ছবিগৃহত মুক্তি পাব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande