ফেনৰ পোষ্টত ৰশ্মিকাৰ হৃদয়স্পৰ্শী উত্তৰ, কৈছিল– এনে মৰম পাওঁক যিয়ে তোমাক স্বাধীন কৰি দিয়ে
শেহতীয়াকৈ বিবাহপাশত আবদ্ধ হৈ দক্ষিণ ভাৰতৰ জনপ্ৰিয় চিনেমাৰ তাৰকা ৰশ্মিকা মণ্ডন্না আৰু বিজয় দেৱেৰাকোণ্ডা এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে। ২৬ ফেব্ৰুৱাৰীত উদয়পুৰত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছতে নৱবিবাহিত দম্পতীয়ে ৪ মাৰ্চ
रश्मिका मंदाना - फोटो सोर्स एक्स


শেহতীয়াকৈ বিবাহপাশত আবদ্ধ হৈ দক্ষিণ ভাৰতৰ জনপ্ৰিয় চিনেমাৰ তাৰকা ৰশ্মিকা মণ্ডন্না আৰু বিজয় দেৱেৰাকোণ্ডা এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে। ২৬ ফেব্ৰুৱাৰীত উদয়পুৰত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছতে নৱবিবাহিত দম্পতীয়ে ৪ মাৰ্চত এক আড়ম্বৰপূৰ্ণ অভ্যৰ্থনা পাৰ্টিৰ আয়োজন কৰে, য’ত বহু বিশিষ্ট চলচ্চিত্ৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ৰশ্মিকা আৰু বিজয়ে বিয়াৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং কৰি আহিছে। ইফালে এজন অনুৰাগীয়ে লিখা এটা আৱেগিক পোষ্টে অভিনেত্ৰীগৰাকীক ইমানেই চুই গৈছিল যে তেওঁ ব্যক্তিগতভাৱে ইয়াৰ প্ৰতি সঁহাৰি জনাই কৃতজ্ঞতা প্ৰকাশ কৰিছিল।

তেওঁৰ পোষ্টটোত অনুৰাগীয়ে ৰশ্মিকা আৰু বিজয়ৰ প্ৰেম কাহিনীক প্ৰশংসা কৰি তেওঁলোকৰ সম্পৰ্কক প্ৰেৰণাদায়ক বুলি অভিহিত কৰে। ইয়াৰ উত্তৰত ৰশ্মিকাই লিখিছে, বহুদিন ধৰি মোৰ বিষয়ে লিখা কিবা এটা পঢ়ি মই ইমান আৱেগিক হোৱা নাই। মোৰ বহুত ক'বলগীয়া আছে, কিন্তু ক'ব পৰা নাই। মই মোৰ ঠাই বিচাৰি পাইছো আৰু এই যাত্ৰাৰ বাবে মই ইমানেই কৃতজ্ঞ। বুজি পোৱাৰ বাবে ধন্যবাদ। প্ৰেমৰ বিষয়ে মই মাত্ৰ ক'ব পাৰো যে: এনে প্ৰেম বিচাৰি পাওক যিয়ে তোমাক মুক্ত কৰি দিয়ে ।

ৰশ্মিকা আৰু বিজয়ৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ছবিৰ চেটত। গীতা গোবিন্দম আৰু ডিয়াৰ কমৰেড নামৰ ছুপাৰহিট ছবিখনত তেওঁলোকে একেলগে কাম কৰিছিল, তাৰ পিছত তেওঁলোকৰ যুটিটো দৰ্শকৰ মাজত অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল।

এতিয়া বিয়াৰ পিছত আকৌ এবাৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব এই দম্পতীহালক। শীঘ্ৰে মুক্তিৰ বাবে সাজু হৈছে তেওঁলোকৰ নতুন ছবি ৰামবালি। শেহতীয়াকৈ দুয়োজনে এই পিৰিয়ডৰ একচন ড্ৰামাখনৰ টিজাৰ মুকলি কৰিছে, যিয়ে অনুৰাগীৰ ইতিবাচক সঁহাৰি লাভ কৰিছে।

ছবিখনত বিজয়ে স্বাধীনতা সংগ্ৰামী ‘ৰনবলী’ৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ৰশ্মিকা মণ্ডন্নাই ‘জয়ম্মা’ৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। এই জনপ্ৰিয় যুটিটোক আকৌ এবাৰ ডাঙৰ পৰ্দাত দেখি এতিয়া অনুৰাগীসকল উৎসাহিত হৈছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande