
প্ৰকৃতি সুৰক্ষাৰ বাণীৰে ৰ'দঘাই বেবেজীয়াৰ এ নেচাৰেল থিয়েটাৰ ফেষ্টিভেল ভৰদুপৰীয়া প্লাষ্টিক বৰ্জিত প্ৰাকৃতিক পৰিবেশত শব্দযন্ত্ৰ -পোহৰ অবিহনে বাণ থিয়েটাৰৰ নিবেদনত অভিভূত দৰ্শক নিম আৰু নাহৰ গছৰ পুলিৰে বাণ থিয়েটাৰৰ কুশীলৱক সম্ভাষণ
শোণিতপুৰ, ০৯ মাৰ্চ (হি.স.)। প্ৰকৃতি সুৰক্ষাৰ বাণীৰে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত শব্দ-পোহৰৰ কোনোধৰণৰ ব্যৱস্থা নৰখাকৈ নগাঁও জিলাৰ ৰ'দঘাই বেবেজীয়াৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা এ নেচাৰেল থিয়েটাৰ ফেষ্টিভেল বিপুল সংখ্যক দৰ্শকৰ উপস্থিতিত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ শিল্পীয়ে মঞ্চস্হ কৰা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ কালজয়ী নাটক টেটোন তামুলী ৰ লগতে আন দুখন নাটকেৰে সামৰণি পৰে । এখন মুকলি কৃষি পথাৰত দৰ্শক বহা আসন আৰু গছ-বিৰিখৰ মাজত ইকৰা-নল খাগৰি আৰু খেৰেৰে আঁৰ-বেৰ দি নিৰ্মাণ কৰা সম্পূৰ্ণ প্ৰাকৃতিক এক বৃহৎ মঞ্চ । মঞ্চৰ পিছফালে এখন হাবিৰ মাজত কুশীলৱ সকলৰ বাবে ৰূপসজ্জা, সাজ সজ্জাৰ বাবে ছোঁ ঘৰ ।
সৰ্বত্ৰে এক বিতোপন প্ৰাকৃতিক পৰিৱেশৰ মাজত আকৌ আপ্যায়নৰ ক্ষেত্ৰটো সম্পূৰ্ণ প্ৰকৃতিপ্ৰদত্ত উপকৰণ প্ৰয়োগৰ দৃষ্টান্তমূলক প্ৰয়াসেৰে প্ৰথমে সকলো দৰ্শকৰ বাবে অসমীয়া পৰম্পৰাগত পিঠা পনা, দোণোৰাত ম'হৰ দৈ, চিৰা গুৰ, সকলো দৰ্শকৰ বাবেই ঔটেঙা-মাটিৰ দাইল, মুগ-মচুৰ দাইল, থলুৱা শাক পাচলিৰ তিনিখনকৈ তৰকাৰী, জলফাইৰ আচাৰৰ পৰা সম্পূৰ্ণ থলুৱা ব্যঞ্জনৰ দিনৰ আহাৰৰে উদ্যোক্তা সকলৰ এই সপ্তম বাৰ্ষিক প্ৰাকৃতিক নাট মহোৎসৱৰ অন্তিম দিনটোত দিনৰ ১ বজাত বাণ থিয়েটাৰৰ শিল্পীয়ে বিশিষ্ট নাট্যশিল্পী ভূপেন শৰ্মাৰ পৰিচালনাত বলিষ্ঠ মঞ্চায়ন কৰে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ কালজয়ী নাটক টেটোন তামুলী ।
বাণ থিয়েটাৰৰ কুশীলৱ সকলে প্ৰথমবাৰৰ বাবে এনে পৰিৱেশত নাটকখন সফলতাৰে মঞ্চস্থ কৰি নগাঁৱৰ দৰ্শক সকলক আপ্লুত কৰি তোলে । সম্পূৰ্ণ প্লাষ্টিক বৰ্জিত পৰিৱেশত লাইট -মাইক অৰ্থাৎ কৃত্ৰিম পোহৰ আৰু শব্দযন্ত্ৰৰ অবিহনে মুকলি পথাৰত ভৰদুপৰীয়া মাটিৰ ভেটিত খেৰেৰে নিৰ্মিত প্ৰাকৃতিক মঞ্চত বলিষ্ঠ মঞ্চায়ন হোৱা নাটকখনৰ মূল টেটোন ৰ চৰিত্ৰত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক তথা বিভিন্ন মঞ্চত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰা জিতুমণি দেৱচৌধুৰীয়ে মনপৰশা অভিনয় কৰাৰ লগতে ৰজাৰ চৰিত্ৰত বাণ থিয়েটাৰৰ নিয়মীয়া শিল্পী তাজ হুছেইন, মনাইৰ চৰিত্ৰত বাণ থিয়েটাৰৰ জ্যেষ্ঠ অভিনেতা মনোৰঞ্জন মহন্ত, মন্ত্ৰীৰ চৰিত্ৰত আন এগৰাকী দক্ষ অভিনেতা অচ্যুত শৰ্মা, গৃহস্থৰ চৰিত্ৰত বাণ থিয়েটাৰৰ তত্বাৱধায়ক ৰাজীৱ মহন্ত, হালোৱাৰ চৰিত্ৰত জনপ্ৰিয় অভিনেতা তিলক চন্দ্ৰ নাথ, চোৰৰ চৰিত্ৰত অশ্বিনী বৰা আৰু উজ্জ্বল শইকীয়াৰ লগতে অন্যান্য চৰিত্ৰ সমূহ ৰূপায়ণ কৰা বিপ্লৱ শৰ্মা, সাহিত্য কাণ্ডাৰী গৰাকীৰ নাতি সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, বাণ থিয়েটাৰৰ গ্ৰন্থাগাৰিক ভূপেন বৰুৱা, সংগীতা মহন্ত, লিপিকা শইকীয়া, কৃষাংগী শইকীয়া, প্ৰিয়াক্ষী মধুকল্য, গুলেশ্বৰ বড়ো, দত্ত শইকীয়া, যতীন দাসেও সাৱলীল অভিনয়ৰে দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, অসমীয়া ফকৰা-যোজনা -পটন্তৰৰ সমৃদ্ধ নাটকখনৰ সংগীত ব্যৱস্থাপনাত নৱপ্ৰজন্মৰ অমিত বড়ো, ৰাজদ্বীপ বৰা আৰু মৌনিতম শইকীয়া গতিশীলতাত সহযোগিতা কৰাৰ লগতে তৰুণ নাথৰ দৃশ্যগ্ৰহণ আৰু দিব্যজ্যোতি নাথৰ ৰূপসজ্জাই বিশেষ অৰিহণা যোগায় । নাটকৰ অন্তত আয়োজক সমিতিয়ে পৰিচালক ভূপেন শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কুশীলৱ সকলৰ উপৰি উপস্থিত থকা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাকে ধৰি সকলোকে একোটিকৈ নিম আৰু নাহৰ গছৰ পুলি অৰ্পণ কৰি অভিনন্দন জ্ঞাপন কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ