
অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক ন্যাসৰ উদ্যোগত আৰু নুমলীগড় তেল শোধনাগাৰ, অসম একাডেমী, গুৱাহাটী আৰু কুমাৰ ভাস্কৰ নাট্য মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত আজি ৮ মাৰ্চত মহানগৰীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰ্শন আধাৰিত নাটক “অগ্নি-বীণা” মঞ্চস্থ কৰা হৈছে। দুটা দৰ্শনীত এই নাটক খন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখ্য যে নাটকখনৰ পৰিচালনা কৰিছে বিশিষ্ট পৰিচালক- নাট্যকাৰ নৰেন পাটগিৰিয়ে। ডঃ অমৰ জ্যোতি চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা এই নাটকখন ৰচনা কৰিছে ডঃ সুব্ৰত জ্যোতি নেওগে।
এই নাটকখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে ভাস্কৰ ডেকা আৰু নেকিব আহমেদ। পোহৰ ব্যৱস্থাপনা কৰিছে ডিম্পল দাসে আৰু মঞ্চসজ্জাৰ দায়িত্বত আছে বিকাশ দেউৰী। নাটকখনৰ সহকাৰী পৰিচালক হিচাপে আছে গৌতম কুমাৰ দাস।
নাটকখনৰ দুটা দৰ্শনী অনুসৰি প্ৰথম দৰ্শনী সন্ধিয়া ৫.৩০ বজাত আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয় দৰ্শনী সন্ধিয়া ৭.১৫ বজাত নিৰ্ধাৰিত কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া