শোণিতপুৰৰ বালিপৰাৰ ফুলবাৰীত একেলগে বিয়াত বহিল ১৫০ যোৰা দৰা কইনা
শোণিতপুৰ, ০৮ মাৰ্চ (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ ফুলবাৰীত একেলগে বিয়াত বহিল ১৫০ যোৰা দৰা কইনা। শোণিতপুৰৰ বালিপৰাৰ ফুলবাৰীত যোৱা নিশা একেলগে বিয়াত বহিল ১৫০ যোৰা দৰা কইনা।ধৰ্ম জাগৰণ সমন্বয় উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ আৰু জন কল্যাণ সংস্থা জয়পুৰৰ উদ্যোগ
শোণিতপুৰৰ বালিপৰাৰ ফুলবাৰীত একেলগে বিয়াত বহিল ১৫০ যোৰা দৰা কইনা


শোণিতপুৰ, ০৮ মাৰ্চ (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ ফুলবাৰীত একেলগে বিয়াত বহিল ১৫০ যোৰা দৰা কইনা।

শোণিতপুৰৰ বালিপৰাৰ ফুলবাৰীত যোৱা নিশা একেলগে বিয়াত বহিল ১৫০ যোৰা দৰা কইনা।ধৰ্ম জাগৰণ সমন্বয় উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ আৰু জন কল্যাণ সংস্থা জয়পুৰৰ উদ্যোগত তথা বালিপৰা আৰু ৰঙাপৰা অঞ্চলৰ ৰাইজৰ সহযোগত ১৫০ গৰাকী দৰা কইনাৰ সামুহিক বিবাহ সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।আৰ্থিক তথা বিভিন্ন কাৰনত এইসকল দৰা কইনাই সামাজিক ভাবে বিবাহ কাৰ্য্য সম্পন্ন কৰিব পৰা নাছিল যদিও ধৰ্ম জাগৰণ সমন্বয়ৰ উদ্যোগত সম্পুৰ্ণ মাংগলিক ৰীতি নীতিৰে এই ১৫০ গৰাকীৰ সমুহীয়া বিবাহ সংস্কাৰ কাৰ্য্য সম্পন্ন কৰে।উক্ত সমুহীয়া বিবাহত উপস্থিত থাকি ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে এই পদক্ষেপৰ বাবে ধৰ্ম জাগৰণ সমন্বয় সংস্থাক ধন্যবাদ জ্ঞাপন কৰে।আনহাতে উক্ত সমুহীয়া বিবাহ চাবলৈ অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande