তেজপুৰ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন
শোণিতপুৰ, ০৮ মাৰ্চ (হি.স.)। আজি আন্তৰ্জাতিক নাৰী দিৱসৰে সংগতি ৰাখি তেজপুৰ মহাবিদ্যালয়ৰ মহিলা গোট আৰু তেজপুৰ মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ মহিলা শাখাৰ যুটীয়া সহযোগত তেজপুৰ মহাবিদ্যালয়ৰ চন্দ্ৰ মোহন মেধি প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী
তেজপুৰ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন


শোণিতপুৰ, ০৮ মাৰ্চ (হি.স.)। আজি আন্তৰ্জাতিক নাৰী দিৱসৰে সংগতি ৰাখি

তেজপুৰ মহাবিদ্যালয়ৰ মহিলা গোট আৰু তেজপুৰ মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ মহিলা শাখাৰ যুটীয়া সহযোগত তেজপুৰ মহাবিদ্যালয়ৰ চন্দ্ৰ মোহন মেধি প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকাই।

আনহাতে, আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত বিশিষ্ট লেখিকা তথা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ শিক্ষয়িত্ৰী মায়া শৰ্মা, তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ লৌহ মহিলা হিচাপে খ্যাত নাইবা আহমেদ, আসাম ভেলী স্কুলৰ প্ৰশাসনিক বিষয়া ডেইজী বৰুৱা, বিশিষ্ট নৃত্য শিল্পী মৌচুমী শৰ্মা আৰু মিতালী দত্তক সম্বৰ্ধনা জনোৱা হয়৷

আজিৰ এই আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি ৰন্ধন প্ৰণালী প্ৰক্ৰিয়াৰ ওপৰত এখন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতা খনৰ বিচাৰক হিচাপে উপস্থিত থাকে অনুপমা বৰুৱা আৰু আৰতি শৰ্মা। আনহাতে, আন্তৰ্জাতিক নাৰী দিৱসৰ মূল সভাখনৰ সভাপতিত্ব কৰে তেজপুৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা তৃষ্ণা কাকতিয়ে। অনুষ্ঠানটি পৰিচালনা কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° তৃষ্ণা ৰাণী ডেকা আৰু তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী জিনিয়া শৰ্মাই। অনুষ্ঠানত নৃত্য গীতে মুখৰিত কৰি তোলে প্ৰাক্তন ছাত্ৰী আৰু অধ্যাপিকা সকলে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা সুৰজিতা বৰাই।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande