


কোকৰাঝাৰ, ০৮ মাৰ্চ (হি.স.): আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ প্ৰস্তুতিৰ অংশ হিচাপে কোকৰাঝাৰ জিলাত আজি প্ৰিজাইডিং অফিচাৰ (PO) সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত উচ্চ বিদ্যালয়, এমই স্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে অংশগ্ৰহণ কৰি ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় দায়িত্ব আৰু কৰ্তব্যসমূহৰ বিষয়ে জ্ঞান আহৰণ কৰিছে।
প্ৰশিক্ষণ কাৰ্যসূচী কোকৰাঝাৰৰ দুটা স্থানত একেলগে অনুষ্ঠিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে বডোলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ আৰু গোঁসাইগাঁওস্থিত ছেইণ্ট এণ্টনীছ কলেজ। এই প্ৰশিক্ষণত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিভিন্ন দিশ, প্ৰেছাইডিং অফিচাৰসকলৰ দায়িত্ব আৰু কৰ্তব্য, ইভিএম আৰু ভিভিপিএটি মেচিনৰ ব্যৱহাৰ পদ্ধতিৰ লগতে ভোটগ্ৰহণৰ দিনা অনুসৰণ কৰিবলগীয়া গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহৰ ওপৰত অংশগ্ৰহণকাৰীসকলক বিশদভাৱে অৱগত কৰা হৈছে।
ইফালে কোকৰাঝাৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়েও প্ৰশিক্ষণ কাৰ্যসূচী পৰিদৰ্শন কৰি প্ৰেছাইডিং অফিচাৰসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ নিজৰ ভাষণত ভোটগ্ৰহণ প্ৰক্ৰিয়া সফল আৰু স্বচ্ছভাৱে সম্পন্ন কৰাত প্ৰিজাইডিং অফিচাৰসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা উল্লেখ কৰি সকলোকে সততা, নিৰপেক্ষতা আৰু নিৰ্বাচনী বিধি-নিয়মসমূহ কঠোৰভাৱে মানি নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ