
মাজুলী, ০৯ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । ৯৮ নং মাজুলী বিধানসভা সমষ্টিতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা । সমষ্টিটো এইবাৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা হৈছে। বৰ্তমান মাজুলী সমষ্টিটো বিজেপিৰ বিধায়ক ভুবন গামে প্ৰতিনিধিত্ব কৰি আছে। অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা মাজুলীক লৈ এইবাৰ অগপ-বিজেপিৰ মাজত টনা আজোৰাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে মাজুলীত বিজেপিৰ প্ৰাৰ্থী থাকিব বুলি ঘোষণা কৰাৰ পিছতো সমষ্টিটোক লৈ আশা এৰা নাই অগপই। সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যতে অগপ দলৰ তৃণমূল কৰ্মীসকলে চলাই গৈছে ব্যাপক ততপৰতা। আনহাতে বিজেপি দলে এৰিব নিবিচাৰে মাজুলী সমষ্টি। এনেক্ষেত্ৰত নদীদ্বীপ মাজুলী সমষ্টিটো সম্প্ৰতি আকৰ্ষণীয় হৈ পৰিছে। নিমিলা অংক মিলাবলৈ ততপৰ হৈ পৰিছে অগপ-বিজেপি।
উল্লেখ্য যে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত মাজুলী বিধানসভা সমষ্টিতো এটা গুৰুত্বপূৰ্ণ সমষ্টি ৷ কিয়নো এই সমষ্টিৰ পৰাই জয়ী হৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল সৰ্বানন্দ সোণোৱাল । সম্প্ৰত শাসকীয় মিত্ৰজোট বিজেপি আৰু অসম গণ পৰিষদৰ মাজত মাজুলী সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাক লৈ দুয়োদলৰ মাজতে দ্বিমতৰ সৃষ্টি হৈছে। আঞ্চলিক দল অসম গণ পৰিষদে সমষ্টিটোৰ কৰ্মীসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে নিৰ্বাচনী কাম-কাজ চলাই গৈছে। সমান্তৰালকৈ অগপৰ কেন্দ্ৰীয় নেতৃত্বয়ো মাজুলী সমষ্টিটোৰ পৰা এইবাৰ নিজা প্ৰাৰ্থী থিয় কৰাবলৈ কঁকালত টঙালি বান্ধিছে। এইক্ষেত্ৰত অগপৰ তৰফৰ পৰা মিছিং সম্প্ৰদায়ৰ নেতা ব্ৰজেন গামক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে। ব্ৰজেন গাম হৈছে মাজুলীৰ বৰ্তমানৰ বিধায়ক ভূৱন গামৰ ভাতৃ।
আনহাতে শাসকীয় দলৰ তৰফৰ পৰা কোনে প্ৰাৰ্থিত্ব লাভ কৰিব সেয়া সদৰি কৰা হোৱা নাই। এই ক্ষেত্ৰত শাসকীয় দলৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সম্ভাৱ্য প্ৰাৰ্থীসকলৰ ভিতৰত বৰ্তমানৰ বিধায়ক ভূৱন গাম, যুৱনেতা বিতুপন দলে আৰু হেমচন্দ্ৰ দলেৰ নাম চৰ্চিত হৈ আহিছে। এইক্ষেত্ৰত সমষ্টিটোত নিজৰ কাম-কাজ চলাই আছে বিতুপন দলেয়ে। আনহাতে কংগ্ৰেছ দলৰ তৰফৰ পৰা মাজুলী বিধানসভা সমষ্টিত ইন্দ্ৰনীল পেগুক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।
উল্লেখ্য যে ভোটাৰ সকলৰ মতে মাজুলীবাসীক এনে এজন প্ৰতিনিধি লাগে যিয়ে মাজুলীৰ সামগ্ৰিক উন্নয়নক আগুৱাই নিব পাৰে । লগতে মাজুলীৰ ৰাইজৰ মাজত থাকি মাজুলীৰ সমস্যা সমূহ সমাধান কৰিব পৰা বিধায়ক ৰাইজক লাগে । সামগ্ৰিকভাৱে চাবলৈ গ'লে, ৰাস্তা-ঘাট, দলং আৰু অভিলাষী আঁচনিৰ জৰিয়তে মাজুলীৰ উন্নয়নৰ এক নতুন অধ্যায় আৰম্ভ হৈছে ;কিন্তু এইক্ষেত্ৰত স্বাস্থ্য আৰু শিক্ষাৰ দৰে মৌলিক বিষয়সমূহত চৰকাৰে বাস্তৱিক পদক্ষেপ গ্ৰহণ নকৰিলে ঐতিহ্যপূৰ্ণ নদীদ্বীপ মাজুলীৰ প্ৰকৃত উন্নয়ন আধৰুৱা হৈ থাকিব ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া