
শোণিতপুৰ, ০৮ মাৰ্চ (হি.স.)। জামুগুৰিহাটত দুৰ্ঘটনা। জামুগুৰিহাটত ৰাষ্ট্ৰীয় ঘাইপথত পৰা বাগৰিল বিটুমিন ভৰ্তি ট্ৰাক।
জামুগুৰিহাটৰ চকীঘাটত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত পুৱা দুৰ্ঘটনা।ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি তলত পৰিল এখন বিটুমিন ভৰ্তি ট্ৰাক। সিচৰিত হৈ পৰিল বিটুমিন ভৰাই অনা বহুতো ড্ৰাম।কথমপি প্ৰাণ ৰক্ষা ড্ৰাইভাৰ সহ হেণ্ডিমেনৰ।গুৱাহাটীৰ পৰা অৰুণাচললৈ আহি আছিল বিটুমিন ভৰ্তি ট্ৰাকখন।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু