
মালে, মালদ্বীপ, ২৪ মাৰ্চ (হি.স.)। ছাফ (SAFF) ২০ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপ ২০২৬ৰ ২৩ মাৰ্চ সোমবাৰৰ পৰা পুৰুষৰ আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনৰ পূৰ্বে ভাৰতীয় ২০ বছৰ অনুৰ্ধ পুৰুষৰ দলটোৱে মালদ্বীপত উপস্থিত হৈছে।
সোমবাৰে মালদ্বীপৰ ৰাজধানীত উপস্থিত হোৱা ব্লু কল্টছে পাকিস্তান (২৬ মাৰ্চ) আৰু বাংলাদেশ (২৮ মাৰ্চ)ৰ বিৰুদ্ধে খেলৰ জৰিয়তে গ্ৰুপ বি অভিযান আৰম্ভ কৰিব। দুয়োখন মেচ মালেৰ নেশ্যনেল ষ্টেডিয়ামত বিয়লি ৪:১৫ বজাত অনুষ্ঠিত হ’ব। গ্ৰুপ এত আছে আয়োজক মালদ্বীপৰ লগতে শ্ৰীলংকা, নেপাল, আৰু ভূটান। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ১ এপ্ৰিলত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৩ এপ্ৰিলত ফাইনেল খেলিব।
ইতিবাচক আৱেগেৰে মালেত উপস্থিত হোৱা দলটোৱে প্ৰতিযোগিতাখনৰ শক্তিশালী আৰম্ভণি কৰিবলৈ উৎফুল্লিত হৈ পৰিছে। ভাৰতৰ ২০ বছৰ অনুৰ্ধ দলৰ মুখ্য প্ৰশিক্ষক মহেশ গাৱলীয়ে প্ৰতিযোগিতাখনৰ গুৰুত্ব আৰু দলৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, এইখন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় প্ৰতিযোগিতা। সকলো দলেই অতি প্ৰতিযোগিতামূলক। আমি ভাল প্ৰদৰ্শন কৰিব লাগিব।
ইতিমধ্যে ২৩ জনীয়া দলটোৰ পোন্ধৰজন মালেত উপস্থিত হোৱাৰ বিপৰীতে বাকী আঠজন—এম ডি আৰবাছ, সুৰজ সিং আহেইবাম, চেমছন আহোংছাংবাম, ঋষি সিং নিংথৌখংজাম, প্ৰশন জাজো, ৰোহেন সিং চাফামায়ুম, য়াইফাৰেম্বা চিংগাখাম, আৰু বাংছন সিং তাখেলম্বাম—আজি দলটোত যোগদান কৰিব।
দলটোৱে স্থানীয় পৰিস্থিতিৰ লগতো খাপ খুৱাবলৈ আৰম্ভ কৰিছে, য’ত আৰ্দ্ৰতা আৰু উপকূলীয় বতৰে সকলো দলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। এই পৰিস্থিতিত কেৱল আমি খেলা নহয় বুলিও কয় গাৱলীয়ে। গতিকে আমি ইয়াৰ বাবে সাজু হ'ব লাগিব।
প্ৰস্তুতি অগ্ৰগতিৰ লগে লগে দলৰ ভিতৰত ইতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে, আৰু ভাৰতে গ্ৰুপ বিত অনুশাসিত প্ৰদৰ্শনেৰে ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্য ৰাখিব।
ছাফ অনূৰ্ধ্ব-২০ চেম্পিয়নশ্বিপ মালদ্বীপ ২০২৬ৰ বাবে ভাৰতৰ ২৩ জনীয়া দল:
গ’লৰক্ষক : আলছাবিথ এছ টি, প্ৰণৱ সুন্দৰৰমণ, সুৰজ সিং আহেইবাম।
ডিফেণ্ডাৰ : বাংছন সিং তাখেলামবাম, জোড্ৰিক আব্ৰাঞ্চেছ, কৰিশ সোৰাম, মালেমংগাম্বা সিং থকচোম, মহম্মদ কাইফ, ৰোশন সিং থংজাম, উছাম সিং থংজাম, ইয়াফাৰেম্বা চিংগাখাম।
মিডফিল্ডাৰ : অনিকেত যাদৱ, ডেনি মেইটেই লাইশ্ৰম, গুৰনাজ সিং গ্ৰেৱাল, এম ডি আৰবাছ, ঋষিকান্ত মেইটেই লাইশ্ৰম, ঋষি সিং নিংথৌখংজাম।
ফৰৱাৰ্ড : ওমুং ডোদুম, প্ৰশন জাজো, ৰোহেন সিং চাফামায়ুম, বিশাল যাদৱ, চেমচন আহোংছাংবাম, তনবীৰ দে।
মুখ্য প্ৰশিক্ষকঃ মহেশ গাৱলী
২০২৬ চনৰ ২০ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপৰ ভাৰতৰ সূচী।
২৬ মাৰ্চ : ভাৰত বনাম পাকিস্তান ১৬:১৫ (আইএছটি)।
২৮ মাৰ্চ : বাংলাদেশ বনাম ভাৰত ১৬:১৫ বা ২১:০০ বজাত (আইএছটি)।
১ এপ্ৰিল : ছেমি ফাইনেল
২০:৩০ (আইএছটি)
৩ এপ্ৰিল: ফাইনেল
हिन्दुस्थान समाचार / Manoj Kumar Saikia