ভাৰতৰ ২৩ জনীয়া দল এ এফ চি এছিয়ান কাপ ২০২৭ৰ কোৱালিফায়াৰৰ বাবে ঘোষণা, কেইবাটাও পৰিৱৰ্তন
নতুন দিল্লী, ২৪ মাৰ্চ (হি.স.)। ভাৰতীয় পুৰুষ ফুটবল দলৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে মঙলবাৰে এ এফ চি এছিয়ান কাপ ২০২৭ৰ কোৱালিফায়াৰত হংকঙৰ বিৰুদ্ধে ২৩ জনীয়া দল ঘোষণা কৰে। পূৰ্বৰ দলৰ তুলনাত দলটোত চৈধ্যটা পৰিৱৰ্তন কৰা হৈছে, যিয়ে প্ৰশিক্ষকৰ নতুন কৌশল
भारतीय फुटबॉल टीम

নতুন দিল্লী, ২৪ মাৰ্চ (হি.স.)। ভাৰতীয় পুৰুষ ফুটবল দলৰ মুখ্য প্ৰশিক্ষক খালিদ জামিলে মঙলবাৰে এ এফ চি এছিয়ান কাপ ২০২৭ৰ কোৱালিফায়াৰত হংকঙৰ বিৰুদ্ধে ২৩ জনীয়া দল ঘোষণা কৰে। পূৰ্বৰ দলৰ তুলনাত দলটোত চৈধ্যটা পৰিৱৰ্তন কৰা হৈছে, যিয়ে প্ৰশিক্ষকৰ নতুন কৌশল গ্ৰহণ কৰাৰ ইচ্ছাৰ ইংগিত দিয়ে।

এই দলত আলবিনো গোমেছ আৰু বিজয় ভাৰ্গেজ আচৰিত ধৰণে প্ৰৱেশ কৰা হৈছে। প্ৰায় এটা দশকৰ পাছত ৰাষ্ট্ৰীয় দললৈ উভতি অহা এলবিনো গ’মেছৰ বিপৰীতে বিজয় ভাৰ্গেজে এতিয়াও ছিনিয়ৰ দলৰ হৈ খেলিব পৰা নাই।

ভাৰতৰ বাবে অৱশ্যে এই মেচত প্ৰতিপত্তি বাজিত পৰিব, কিয়নো দলটো ইতিমধ্যে এছিয়ান কাপৰ দৌৰৰ পৰা বাহিৰ হৈছে। এই পৰ্যন্ত খেলা মেচসমূহত ভাৰত তিনিখন পৰাজয় আৰু দুখন ড্ৰ’ৰ সন্মুখীন হোৱাৰ বিপৰীতে ভাৰতে এতিয়াও এখনো মেচত জয়ী হোৱা নাই। পূৰ্বৰ খেলখনত হংকঙৰ বিৰুদ্ধে ০-১ গ’লত পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰত।

এই খেলখন কেৰালাৰ কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্রায় ১০ বছৰৰ পাছত এই খেলপথাৰত ভাৰতীয় পুৰুষ দলৰ সৈতে জড়িত এইখন প্রথম আন্তর্জাতিক মেচ৷ ইয়াৰ পূৰ্বে ইয়াত ভাৰত আৰু তুৰ্কমেনিস্তানৰ মাজত ফিফা বিশ্বকাপৰ কোৱালিফায়াৰ খেল অনুষ্ঠিত হৈছিল।

ভাৰতৰ দল :

গ’লৰক্ষক : এলবিনো গোমেছ, গুৰপ্ৰীত সিং সন্ধু, বিশাল কৈথ।

ডিফেণ্ডাৰ : অভিষেক সিং টেকচাম, আকাশ মিশ্ৰ, আনোৱাৰ আলী, বিজয় ভাৰ্গেছ, নিখিল পূজাৰী, ৰোশন সিং নাওৰেম, সন্দেশ ঝিংগান, ৰাহুল ভেকে।

মিডফিল্ডাৰ : আছিক কুৰুনিয়ান, ডেনিছ ফাৰুক ভাট, জেকচন সিং থৌনাওজাম, লালেংমাৱিয়া ৰালটে, ছাহাল আব্দুল ছামাদ।

ফৰৱাৰ্ড : এডমাণ্ড লালৰিণ্ডিকা, ফাৰুখ চৌধাৰী, ললিয়ানজুৱেলা ছাংটে, লিষ্টন কলাকো, মনবীৰ সিং, ৰহিম আলী, ৰিয়ান উইলিয়ামছ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande