
তামুলপুৰ, ০৫ ফেব্ৰুৱাৰী (হি.স.)। তামুলপুৰ পৌৰসভা কাৰ্যালয় চৌহদ স্থিত ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বিটিচিৰ সচিব অনছুলা বসুমতাৰীৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে সচিব গৰাকীয়ে বিডিঅ' সকলক চলিত ফেব্ৰুৱাৰী মাহৰ ভিতৰত জিলা খনৰ সকলো ভিচিডিচি কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনায়।
সভাখনত সচিব গৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, অসম গ্ৰামীণ জীৱিকা অভিযান, লোক কল্যাণ (গৃহ আৰু পথ), স্বাস্থ্য, বন, ভূমি সংৰক্ষণ, জলসিঞ্চন, শিক্ষা, জলসম্পদ, যোগান, উদ্যোগ আৰু বাণিজ্যকে ধৰি মুঠ ২৫টা বিভাগৰ পৰ্যালোচনা কৰে। সভাত বিভাগ সমূহৰ সমস্যাসমূহ বিতংকৈ আলোচনা কৰা হয় আৰু সচিবগৰাকীয়ে যিমান পাৰি সেইবোৰৰ সমাধানৰ আশ্বাস দিয়ে।
তেওঁ বিষয়া সকলক ৩১ মাৰ্চৰ ভিতৰত আধৰুৱা আঁচনিৰ কাম সমূহ সম্পন্ন কৰিবলৈ আহ্বান জনায়। আজিৰ পৰ্যালোচনা সভাখন ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক ভাস্কৰজ্যোতি বৰুৱাই আঁত ধৰাৰ উপৰি সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়াসকল উপস্থিত আছিল বুলি জিলা প্ৰশাসনৰ এগৰাকী জেষ্ঠ বিষয়াই সংবাদ মাধ্য়মক জানিবদিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ