

তামুলপুৰ, ০৫ ফেব্ৰুৱাৰী (হি.স.)। তামুলপুৰৰ বৰনগৰস্থিত তামুলপুৰ কলেজৰ সভাগৃহত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই আজি এখন মহিলা সজাগতামূলক সভাত অংশ লয়। জিলা আয়ুক্ত চিমি কৰণৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভা খনত মহিলা আয়োগৰ অধ্যক্ষ গৰাকীয়ে নাৰী সুৰক্ষা সন্দৰ্ভত বিস্তৃত বক্তব্য আগবঢ়ায়। মহিলা সকলক উদ্দেশ্যি তেওঁ কয়, মই ন্যায় দিব নোৱাৰিলেও মহিলা সকলৰ সাহস হ'ব বিচাৰো।
সমাজত বহু সময়ত মহিলা সকল বিভিন্ন ক্ষেত্ৰত অন্যায়-অত্যাচাৰৰ বলি হ'ব লগা হয়। সেইসকল মহিলাক ১৮১ হেল্প নম্বৰ বা ৯৪৩৫১ ৯৬২৬৩ নম্বৰত সহায়ৰ বাবে যোগাযোগ কৰিবলৈ তেওঁ আহ্বান জনায়। নম্বৰকেইটা ৰাজহুৱা স্থান, স্কুল-কলেজ আদিত ৰখাৰো তেওঁ পোষকতা কৰে। তেওঁ মহিলা আয়োগৰ কাম, ৱান ষ্টপ চেণ্টাৰ, মহিলা কোষ আদিৰ বিষয়ে উপস্থিত মহিলা সকলক বিতংকৈ বুজাই দিয়ে। তেওঁ পৰচৰ্চা বাদ দি ইতিবাচক চিন্তাত মনোযোগ দিবলৈ সকলোকে আহ্বান জনায়। আজিৰ সভা খনত জিলা আয়ুক্ত চিমি কৰণৰ উপৰি মহিলা আয়োগৰ কাৰ্যকৰী সম্পাদক অন্তৰা গগৈ, অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংছ', অংগনৱাড়ী তথা আশা কৰ্মী আৰু আত্মসহায়ক গোটৰ সদস্য আদি উপস্থিত থাকে বুলি জিলা প্ৰশাসনৰ এক সুত্ৰে প্ৰকাশ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ