সোণাপুৰৰ জুবিন ক্ষেত্ৰত সাংসদ গৌৰৱ‌ গগৈ
গুৱাহাটী, ০৫ ফেব্ৰুৱাৰী (হি.স.)। সোণাপুৰৰ জুবিন ক্ষেত্ৰত সাংসদ গৌৰৱ‌ গগৈ। জুবিন ক্ষেত্ৰত গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ দল ।''সময় পৰিৱৰ্তন- মাটি বচাওক, জাতি বচাওক'' যাত্ৰা লৈ উপস্থিত দলটো ।দলত আছে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক
সোণাপুৰৰ জুবিন ক্ষেত্ৰত সাংসদ গৌৰৱ‌ গগৈ


গুৱাহাটী, ০৫ ফেব্ৰুৱাৰী (হি.স.)। সোণাপুৰৰ জুবিন ক্ষেত্ৰত সাংসদ গৌৰৱ‌ গগৈ। জুবিন ক্ষেত্ৰত গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ দল ।'সময় পৰিৱৰ্তন- মাটি বচাওক, জাতি বচাওক' যাত্ৰা লৈ উপস্থিত দলটো ।দলত আছে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক জিতেন্দ্র সিং, সভাপতি গৌৰৱ গগৈ সহযোগিতা অগবঢ়াইছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ প্ৰমুখ্যে কংগ্ৰেছৰ কেইবা গৰাকীও জ্যেষ্ঠ নেতা।

মা কামাখ্যাৰ শ্ৰীচৰণত পুৱাৰ ভাগত বিশেষ পূজা-অৰ্চনাৰে কংগ্ৰেছে আজিৰে পৰা আৰম্ভ কৰিছে এই অভিযানৰ। গৌৰৱ গগৈয়ে জুবিন গাৰ্গ ক্ষেত্ৰত উপস্থিত হৈ এইদৰে কয় যে জুবিন গাৰ্গৰ ন্যায়ৰ সঠিক পথ দেখুওৱাৰ বাবে আমাৰ এই যাত্ৰা। জুবিন ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত আজিলৈ কিয় বিশেষ পদক্ষেপ লোৱা নাই। ফ্লাই অভাৰবোৰ যিধৰণে দ্ৰুত গতিত হয় , সেইধৰনে জুবিন ক্ষেত্ৰৰ কাম সমূহ কিয় আগবঢ়া নাই।

আনহাতে সমীপৰ অশোক সিংঘলৰ মাটিখিনিৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ'ল। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যাতে পৰিয়ালে সামাজিক মাধ্যমত পোষ্ট দিবলগীয়া নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে। আমিও তাত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াম।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande