ৰূফটপ চ'লাৰ ক্ষমতাৰ নতুন অভিলেখ স্থাপনৰ লগতে বিদ্যুৎ ট্ৰেকচন আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ
গুৱাহাটী, 0৫ ফেব্ৰুৱাৰী (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই বৰ্তমান বিত্তীয় বৰ্ষত পুনঃনবীকৰণযোগ্য এনাৰ্জী গ্ৰহণ, বৈদ্যুতিক ট্ৰেকচন আৰু পৰিচালন সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি বহনক্ষম, সুদক্ষ আৰু সুৰক্ষিত ৰে’ল পৰিচালনৰ দিশত ইয়াৰ অবিৰত প
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰূফটপ চ'লাৰ ক্ষমতাৰ নতুন অভিলেখ


গুৱাহাটী, 0৫ ফেব্ৰুৱাৰী (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই বৰ্তমান বিত্তীয় বৰ্ষত পুনঃনবীকৰণযোগ্য এনাৰ্জী গ্ৰহণ, বৈদ্যুতিক ট্ৰেকচন আৰু পৰিচালন সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি বহনক্ষম, সুদক্ষ আৰু সুৰক্ষিত ৰে’ল পৰিচালনৰ দিশত ইয়াৰ অবিৰত প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।

সেউজ শক্তি পদক্ষেপত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে, ২০২৫ বৰ্ষৰ ডিচেম্বৰলৈ উত্তৰ-পূব সীমান্ত ৰেলৱেত ৯.২৭ এমডব্লিউপি ৰূফটপ চ'লাৰ পাৱাৰ প্লেন্ট স্থাপন কৰা হৈছে (২০২৫–২৬ বিত্তীয় বৰ্ষত)। এই সফলতা পূৰ্বৰ বিত্তীয় বৰ্ষৰ (২০২৪–২৫ বিত্তীয় বৰ্ষত) এই একেই সময়চোৱাৰ তুলনাত ৩৭৩% অধিক আৰু ই ২০১১–১২ বৰ্ষৰ পৰা একক বিত্তীয় বৰ্ষত প্ৰদৰ্শিত সৰ্বোচ্চ ৰূফটপ শৌৰ শক্তি ক্ষমতাৰ অভিলেখৰে প্ৰতিফলন। ইয়াৰ লগতে ৩১ ডিচেম্বৰ, ২০২৫ বৰ্ষ পৰ্যন্ত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুঠ সৌৰ শক্তি ক্ষমতা ১৮.৪ এমডব্লিউপিলৈ বৃদ্ধি পায়, পৰিণামস্বৰূপে বিদ্যুতৰ যথেষ্ট ৰাহি হোৱাৰ লগতে আৰু কাৰ্বন ফুট প্ৰিন্ট হ্ৰাস হৈছে।

বিদ্যুৎ ট্ৰেকচন পদক্ষেপৰ অধীনত, নিউ জলপাইগুড়ী আৰু ডিব্ৰুগড়ত ট্ৰিপ পৰিদর্শন (ট্ৰিপ) শ্বেড যথাক্ৰমে ২০ আগষ্ট, ২০২৫ আৰু ২৭ নৱেম্বৰ, ২০২৫ তাৰিখে কমিচন কৰা হৈছে যাতে বৈদ্যুতিক ইঞ্জিনৰ ট্ৰিপ পৰীক্ষণ সুগম হোৱাৰ লগতে পৰিচালন নিৰ্ভৰযোগ্যতা বৃদ্ধি হয়। অধিক সুৰক্ষাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেত কৱচ (স্বদেশী স্বয়ংক্ৰিয় ৰেল সুৰক্ষা পদ্ধতি) মুঠ ২৮৫ টা বৈদ্যুতিক ৰে’ল ইঞ্জিনৰ ভিতৰত ৮১ টা ৰে’ল ইঞ্জিনত সংলগ্ন কৰা হৈছে।

স্বচ্ছ ট্ৰেকচনৰ দিশত ৰূপান্তৰৰ অংশ হিচাপে, ৩১ যোৰ ৰে’ল ডিজেল ট্ৰেকচনৰ পৰা এণ্ড-টু-এণ্ড বৈদ্যুতিক ট্ৰেকচনলৈ ৰূপান্তৰিত কৰা হৈছে, যাৰ ফলত ২৬ টা ডিজেল ইঞ্জিন সঞ্চিত হোৱাৰ লগতে শক্তি দক্ষতা আৰু পৰিচালন বহন ক্ষমতাৰ বৃদ্ধি পাইছে।

প্ৰশিক্ষণ আৰু সুৰক্ষা সচেতনতাৰ ক্ষেত্ৰত, নিউ বঙাইগাঁও লবীত ৰে’ল চালকৰ কামকাজৰ জ্ঞান উন্নতকৰণৰ অৰ্থে অটোমেটিক ব্লক চিষ্টেমৰ এক কাৰ্যকৰী মডেল বিকশিত আৰু স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া আৰু তিনিচুকীয়া মণ্ডলত নিশাৰ ভাগত ব্যৱহাৰ কৰিব পৰা ছেকচনেল ভিডিঅ'গ্ৰাফী প্ৰৱৰ্তন কৰা হৈছে যাতে ৰাণিং ষ্টাফৰ মাজত ৰুট শিক্ষণ আৰু পৰিস্থিতিৰ সচেতনতা বৃদ্ধি হয়।

এই পদক্ষেপসমূহে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সেউজ শক্তি, আধুনিক ট্ৰেকচন, সক্ষমতা নিৰ্মাণ আৰু উন্নত সুৰক্ষাৰ দিশত গুৰুত্বকেই প্ৰতিফলিত কৰিছে যি অঞ্চলটোত অধিক বক্ষনক্ষম আৰু সুদক্ষ ৰে’ল পৰিচালনৰ দিশত অৱদান আগবঢ়াইছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande