
গোলাঘাট, ০৫ফেব্ৰুৱাৰী (হি.স.)। শিক্ষা খণ্ডত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি গোলাঘাট জিলাৰ বালিজান চাৰি আলিত অৱস্থিত বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত আদৰ্শ বিদ্যালয় ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। গোলাঘাট সমষ্টিৰ বিধায়িকা তথা ৰাজ্যৰ বিত্ত, শিশু কল্যাণ আৰু মহিলা উন্নয়ন দপ্তৰৰ মন্ত্ৰী অজন্তা নেওগে আজি কায়ীকভাৱে উপস্থিত হৈ ভৱনটো মুকলি কৰে। প্ৰায় সাত কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আদৰ্শ বিদ্যালয় ভৱনটো অঞ্চলটোৰ শিক্ষাৰ মান উন্নয়নত এক নতুন দিশ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলত।
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ২৯ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ পৰা ভাৰ্চুৱেলী এই নৱ নিৰ্মিত বিদ্যালয় ভৱনটো উদ্বোধন কৰিছিল। আজিৰ কাৰ্যসূচীত বিত্তমন্ত্ৰী অজন্তা নেওগে বিদ্যালয় খনত উপস্থিত হৈ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলৰ সৈতে মত-বিনিময় কৰে। লগতে বিদ্যালয় খনৰ সাহিত্যিক চিন্তাধাৰাৰ প্ৰতীক হিচাপে প্ৰকাশ পোৱা প্ৰাচীৰ পত্ৰিকা “অনুপ্ৰাস” নামৰ প্ৰাচীৰ পত্ৰিকাখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰে মন্ত্ৰী গৰাকীয়ে।
এই উপলক্ষে আয়োজন কৰা সভাত মন্ত্ৰী অজন্তা নেওগে ভাষণ প্ৰদান কৰি কয় যে, শিক্ষা হৈছে এখন সমাজৰ ভৱিষ্যত গঢ়াৰ মূল আধাৰ। চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থী সকলক আধুনিক সুবিধাৰে সজ্জিত শিক্ষা পৰিবেশ আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই আদৰ্শ বিদ্যালয় ভৱনে বালিজান তথা আশে-পাশৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন আশাৰ দুৱাৰ মুকলি কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত বিদ্যালয় খনৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। নৱ নিৰ্মিত ভৱনটো মুকলি হোৱাত বিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীৰ মাজত আনন্দ আৰু উৎসাহৰ পৰিৱেশ পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু