সেৱা ভাৰতী পূৰ্বাঞ্চল, নেচনেল মেডিক'জ অৰ্গেনাইজেশ্বন উদ্যোগত নাগিনীজান চাহ বাগিচাত চিকিৎসা শিবিৰ সম্পন্ন
যোৰহাট, ০৫ ফেব্ৰুৱাৰী (হি.স.)। সেৱা ভাৰতী পূৰ্বাঞ্চল, নেচনেল মেডিক''জ অৰ্গেনাইজেশ্বনৰ উদ্যোগত নাগিনীজান চাহ বাগিচাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা শিবিৰ সম্পন্ন। সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত নেচনেল মেডিক''জ অৰ্গেনাইজেশ্বন আৰু আয়ুৰ্বেদিক
সেৱা ভাৰতী পূৰ্বাঞ্চল, নেচনেল মেডিক'জ অৰ্গেনাইজেশ্বন উদ্যোগত নাগিনীজান চাহ বাগিচাত চিকিৎসা শিবিৰ সম্পন্ন


যোৰহাট, ০৫ ফেব্ৰুৱাৰী (হি.স.)। সেৱা ভাৰতী পূৰ্বাঞ্চল, নেচনেল মেডিক'জ অৰ্গেনাইজেশ্বনৰ উদ্যোগত নাগিনীজান চাহ বাগিচাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা শিবিৰ সম্পন্ন। সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত নেচনেল মেডিক'জ অৰ্গেনাইজেশ্বন আৰু আয়ুৰ্বেদিক মেডিকেল অৰ্গেনেজাইশ্বেনৰ সহযোগিতাত আজি মৰিয়নি সমষ্টিৰ নাগিনীজান চাহ বাগিচাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি এক চিকিৎসা শিবিৰ সম্পন্ন হয়। উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় তিনিশ চিকিৎসকৰ দ্বাৰা অসমৰ বিভিন্ন প্ৰান্তত ২৩ টা ধন্বন্তৰী সেৱা যাত্ৰা উপলক্ষে চিকিৎসা সেৱা আগবঢ়াব বুলি জানিব পৰা গৈছে।

অসমৰ ৰাজ্যপালে গুৱাহাটী স্থিত সেৱা ভাৰতী মূখ্য কাৰ্যালয়ত শুভাৰম্ভণি কৰা পাছতে ৮ ফেব্ৰুৱাৰী তাৰিখলৈ এই চিকিৎসা শিবিৰ অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব। আজি নাগিনীজান চাহ বাগিচাৰ উক্ত চিকিৎসা শিবিৰত অসম চাহ জনগোষ্ঠীৰ বিজেপিৰ ৰাজ্যিক সভাপতি দুলেন নায়ক, সমাজ কৰ্মী কবিতা গগৈ,চাহ জনগোষ্ঠীৰ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰশান্ত চাহু, চাহ জনগোষ্ঠীৰ মৰ্চাৰ চেলেং মণ্ডলৰ নিখিল ভূমিজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

আনহাতে চিকিৎসা শিবিৰ টোত শতাধিক চাহ জনগোষ্ঠীৰ ৰাইজক চিকিৎসক অনিল কুমাৰ পাতিল, ৰাজকুমাৰ পূৰুহিত,অক্ষয় আগৰৱালা,ড' ৰজনীশ ,ডিপু ডেকা,আৰু সেৱা ভাৰতী সম্বনয়ক অবিনাশ হাজৰিকাই উপস্থিত কাৰ্যসূচী সফল ভাৱে ৰূপায়ন কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande