
গোলাঘাট, ০৫ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাটৰ বেঙেনাখোৱাত ক্ৰিকেট টুৰ্নামেণ্টৰ শুভাৰম্ভ। গোলাঘাটৰ বেঙেনাখোৱাৰ তেতেলীতল যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজিৰে পৰা ১৫ দিনিয়াকৈ তৃতীয় বাৰৰ বাবে ক্ৰিকেট টুৰ্নামেণ্ট আৰম্ভ হৈছে ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত খেলখন শুভাৰম্ভ কৰে স্থানীয় গাওঁপ্ৰধান দিগন্ত বৰাই ৷
ইদুল বৰুৱাই আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সমাজসেৱক ক্ৰমে সুৰেণ বৰা, উমেশ গগৈ ,লোহিত গগৈ ,ৰাজকুমাৰ স্ৱামী ,বাবুল গগৈ, লিংকন শইকীয়া ,জ্যেষ্ঠ সাংবাদিক প্ৰকাশ শৰ্মা আৰু কল্পনা ফুকনক সম্বৰ্দ্ধনা জনোৱা হয় ৷ দেবেন ইলেভেন আৰু ইছলামপট্টি বয়জ ক্লাৱৰ মাজত অনুষ্ঠিত হোৱা আজিৰ প্ৰথমখন খেলত টচত জিকি প্ৰথমে বেট ধৰে ইছলামপট্টি বয়জ ক্লাবে ৷ বাবলু গগৈয়ে খেল খনৰ সুন্দৰ বিৱৰণীৰে আপ্লুত কৰে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু