আৰম্ভ হ'ল অভি-নীল হত্যাৰ শেষ শুনানি
নগাঁও, ০৫ ফেব্ৰুৱাৰী (হি.স.)। আজিৰ পৰা আৰম্ভ হ''ল অভি-নীল হত্যাৰ শেষ শুনানি । ৫,৬ আৰু ৭ ফ্ৰেব্ৰুৱাৰী দিন ধাৰ্য কৰা হৈছে শুনানিৰ দিন । শুনানিৰ পিছতে মহামান্য আদালতে গ্ৰহণ কৰিব পাৰে গোচৰটোৰ ৰায় । ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে অভি নীলৰ পৰিয়
আৰম্ভ হ'ল অভি-নীল হত্যাৰ শেষ শুনানি


নগাঁও, ০৫ ফেব্ৰুৱাৰী (হি.স.)। আজিৰ পৰা আৰম্ভ হ'ল অভি-নীল হত্যাৰ শেষ শুনানি । ৫,৬ আৰু ৭ ফ্ৰেব্ৰুৱাৰী দিন ধাৰ্য কৰা হৈছে শুনানিৰ দিন ।

শুনানিৰ পিছতে মহামান্য আদালতে গ্ৰহণ কৰিব পাৰে গোচৰটোৰ ৰায় । ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে অভি নীলৰ পৰিয়ালৰ ।

উল্লেখ্য় যে ২০১৮ চনৰ ৮ জুনত অভিজিত নাথ আৰু নিলোতপল দাসক গণ প্ৰহাৰ কৰি হত্য়া কৰা হৈছিল, কাৰ্বি আংলংৰ ডিফু মহকুমাৰ অন্তৰ্গত কাংঠিলাংছো জলপ্ৰপাত প্ৰত্য়ক্ষ কৰিবলৈ গৈছিল। কিন্ত নিশা গাড়ীৰে উভতি অহাৰ পথত একাংশ উন্মাদপ্ৰায় লোকে সোপাধৰাৰ সন্দেহত তেওলোক দুয়োকে গাড়ীৰ পৰা নমাই গণপ্ৰহাৰ কৰি হত্য়া কৰে।হত্যাকাণ্ডটোৰ সৈতে জৰিত থকাৰ অভিযোগত ৪৭ জন অভিযুক্তক আৰক্ষী গ্ৰেপ্তাৰ কৰিছিল।উক্ত ঘটনাটোৰ সন্দৰ্ভত নগাঁও আদালতত বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছিল।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande