
নগাঁও, ০৩ ফেব্ৰুৱাৰী (হি.স.)। নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । যোৱাকালি সোমবাৰে নিশা চলোৱা অভিযানত ৩০টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰসহ আটক হয় সৰবৰাহকাৰী।
উল্লেখ্য় যে নিতৌ নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ চোৰাং বেহা অব্য়াহত ৰাখিছে সৰবৰাকাৰীয়ে । এইবাৰ চিপছৰ পেকেটৰ ভিতৰত ড্ৰাগছ ভৰ্তি কণ্টেনাৰ সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ইজাহাৰ আলী নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটো । আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ইজাহাৰ আলী নামৰ সৰবৰাহকাৰীক আটক কৰে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ ইজাহাৰ আলীৰ ঘৰ কাছখাইতিত বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৪.২৪ গ্ৰাম বুলি কোৱা হৈছে। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা