
নগাঁও, ০৩ ফেব্ৰুৱাৰী (হি.স.): নগাঁও জিলাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে। ধিঙৰ লালি পথাৰত যোৱা কালি সোমবাৰে নিশা নগাওঁ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় ।
এই অভিযানত জব্দ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰী । অভিযানত উদ্ধাৰ কৰা হৈছে নগদ ৬৬৫০ টকা । এই সন্দৰ্ভত ছামচুন নেহাৰ নামৰ এগৰাকী মহিলা গ্ৰেপ্তাৰ কৰা হৈছে । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ