লংকাত গাঞ্জা আৰু ড্ৰাগছ সহ পাঁচ সৰবৰাহকাৰী আটক
লংকাত গাঞ্জা আৰু ড্ৰাগছ সহ পাঁচ সৰবৰাহকাৰী আটক।
লংকাত গাঞ্জা আৰু ড্ৰাগছ সহ পাঁচ সৰবৰাহকাৰী আটক


হোজাই, ০৩ ফেব্ৰুৱাৰী (হি.স.): হোজাই জিলাৰ লংকাত যোৱা কালি সোমবাৰে বিয়লি গাঞ্জা আৰু ড্ৰাগছ সহ পাঁচ সৰবৰাহকাৰী আটক কৰা হয় । লংকা ১ নং ৰে’ল গেইটৰ সমীপৰ পৰা আটক হয় এই পাঁচ সৰবৰাহকাৰীক ।

লংকা আৰক্ষীয়ে খেদি খেদি আটক কৰে সৰবৰাহকাৰী কেইটাক । অটোকাধিন যুৱক কেইজম ক্ৰমে পৰিতোষ লামা, মহম্মদ বচিৰ, নিৰ্ভীক শৰ্মা, সজল চাহা আৰু বিটু আচাৰ্যী । আটকাধীন যুৱক কেইনজৰ পৰা ১ কেজি ৯৬ গ্ৰাম আৰু ৬ টা কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে । বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে লংকা আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande