
দক্ষিণ চলচ্চিত্ৰ জগতৰ তাৰকা ৰশ্মিকা মণ্ডন্না আৰু বিজয় দেৱেৰাকোণ্ডাই পুনৰবাৰ নিজৰ ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। যদিও অভিনেতা দুগৰাকীয়ে এতিয়াও আনুষ্ঠানিকভাৱে বিবাহ নিশ্চিত কৰিব পৰা নাই, তথাপিও ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এক ভিডিঅ’ই অনুৰাগীৰ মাজত উৎকন্ঠা আৰু অধিক বৃদ্ধি কৰিছে।
পাপাৰাজীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত বিজয় দেৱেৰাকোণ্ডাৰ হায়দৰাবাদৰ ঘৰটো পোহৰ আৰু ফুলেৰে সজাই তোলা দেখা গৈছে। সজ্জাবোৰে যেন কোনো উদযাপনৰ ইংগিত দিয়ে, বিশেষকৈ বিয়াৰ। ভিডিঅ’টো ওলোৱাৰ লগে লগে অনুৰাগীয়ে অনুমান কৰিবলৈ ধৰিলে যে হয়তো অতি সোনকালে দুয়োগৰাকী তাৰকাই বিবাহপাশত আবদ্ধ হ’ব। ঘৰখন কইনাৰ দৰে সজাই থোৱা, চাৰিওফালে পোহৰ আৰু ফুলৰ সজ্জা। অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত এই খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুয়ো অভিনেতালৈ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰি আহিছে।
সূত্ৰ অনুসৰি অহা ২৬ ফেব্ৰুৱাৰীত ৰাজস্থানৰ উদয়পুৰত ব্যক্তিগত অনুষ্ঠানত ৰশ্মিকা মাণ্ডন্না আৰু বিজয় দেৱেৰাকোণ্ডাৰ বিবাহৰ সম্ভাৱনা আছে। খবৰ অনুসৰি এই অনুষ্ঠানত কেৱল পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ আত্মীয়ইহে অংশগ্ৰহণ কৰিব। পূৰ্বৰ বাতৰি অনুসৰি ২০২৫ চনৰ ৩ অক্টোবৰত এই দম্পতীহালে ব্যক্তিগত অনুষ্ঠানত নিয়োজিত হৈছিল।এই বাতৰিসমূহ আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই যদিও অহৰহ ইংগিতে অনুৰাগীৰ কৌতুহল জগাই তুলিছে। এই বহু চৰ্চিত দম্পতীয়ে অতি সোনকালে নিজৰ সম্পৰ্কক ৰাজহুৱাভাৱে স্বীকাৰ কৰিবনে নাই সেইটোৱেই এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে ।
हिन्दुस्थान समाचार / Manoj Kumar Saikia