
সম্প্ৰতি অভিনেতা অনিল কাপুৰে আগন্তুক ছবি ‘সুবেদাৰ’ৰ বাবে বাতৰিৰ শিৰোনামা দখল কৰিছে। ছবিখনৰ প্ৰথমটো গীত ‘লল্লা’ মুক্তি পোৱাৰ লগে লগে দৰ্শকে অনিলৰ আড়ম্বৰপূৰ্ণ আৰু শক্তিশালী শৈলীক ভাল পাইছে। ১১ ফেব্ৰুৱাৰীত মুক্তি পোৱা ছবিখনৰ টিজাৰেও ইতিবাচক সঁহাৰি লাভ কৰে।
একচন থ্ৰিলাৰ ‘সুবেদাৰ’ৰ পৰিচালনা সুৰেশ ত্ৰিবেণীৰ, সহ-প্ৰযোজক অনিল কাপুৰে। অ’টিটি প্লেটফৰ্ম আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পাব ছবিখন। দৰ্শকৰ পৰা প্ৰচণ্ড মৰম লাভ কৰা ‘লল্লা’ গীতটোক প্ৰখ্যাত গায়ক বিশাল দাদলানীয়ে নিজৰ শক্তিশালী কণ্ঠ ধাৰলৈ দিছে। সংগীত ৰচনা কৰিছে ৰোহন বিনায়কে, আৰু গীতৰ কথা ৰচনা কৰিছে ঋষি উপাধ্যায়ে।
টি-ছিৰিজৰ ইউটিউব চেনেলত মুক্তি পোৱা এই গীতটোক লৈ অনুৰাগীসকলে ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কোনোৱে বিশাল দাদলানীৰ কণ্ঠক প্ৰশংসা কৰিছে, আন কোনোৱে অনিল কাপুৰৰ শৈলীক কামবেক বুলি অভিহিত কৰিছে। ছবিখনত অভিনেত্ৰী ৰাধিকা মদনেও মুখ্য চৰিত্ৰত দেখা যাব। অহা ৫ মাৰ্চত মুক্তি পাব ‘সুবেদাৰ’।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া